HSLC Result 2023: শাৰীৰিক অসুস্থতাকো আওকান কৰি সফলতাৰে গৌৰৱ কঢ়িয়ালে টীয়কৰ প্ৰবালে

By

Published : May 23, 2023, 5:16 PM IST

thumbnail

টীয়ক, 23 মে’ : প্ৰবল ইচ্ছা আৰু অধ্যৱসায় থাকিলে জীৱনত সকলো কামেই সম্ভৱ (HSLC Result 2023) ৷ এই কথাষাৰকেই প্ৰমাণ কৰি দেখুৱালে টীয়কৰ বিশেষভাৱে সক্ষম ছাত্ৰ প্ৰবাল শইকীয়াই ৷ সোমবাৰে অৰ্থাৎ 23 মে’ত ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (Inspiring story of Prabal saikia) ৷ 

বিশেষভাৱে সক্ষম ছাত্ৰ প্ৰবালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজতত্ব বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলোকে আপ্লুত কৰিছে (specially able student Prabal saikia achievement) ৷ বিশেষকৈ নিজ হাতেৰে লিখিব নোৱাৰাৰ পাচতো এইদৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰবালে পৰিয়ালটোলৈ গৌৰৱ কঢ়িয়াই লৈ আহিছে ৷ অনাগত দিনত এজন অভিযন্তা হোৱাৰ সপোন দেখিছে প্ৰবালে ৷  

উল্লেখযোগ্য যে শাৰীৰিক অসুস্থতাৰ মাজতে প্ৰবালে নিতৌ চাৰি পাঁচ ঘন্টাকৈ অধ্যয়ন কৰিছিল ৷ পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ মনত লৈ মনৰ অদ্যম শক্তিৰে সদায় কিবা এটা কৰাৰ আকাঙ্খা পুহি ৰাখিছিল প্ৰবালে। এই সফলতাত আনন্দত আত্মহাৰা হৈ অনাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইয়াতকৈও অধিক ভাল ফলাফল দেখুৱাব বুলি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ আশীষ কামনা কৰিছে বিশেষভাৱে সক্ষম ছাত্ৰজনে ৷ 

ইফালে দুবেলা দুমুঠি বহু কষ্টৰে নিজৰ পৰিয়ালক পোহপাল দি জীৱন নিৰ্বাহ কৰা পিতৃৰ চকুত আজি সুখৰ চকুলো । আৰ্থিক দীনতা স্বত্বেও নিজৰ জ্যেষ্ঠ সন্তানক আজি পৰ্যন্ত সৰু ল’ৰা-ছোৱালীৰ দৰে প্ৰতিপাল কৰি আহিছে অভিভাৱকে।

লগতে পঢ়ক: HSLC result 2023: অসুস্থ শৰীৰে পৰীক্ষা দিবলৈ গৈছিল দশম স্থানপ্ৰাপ্ত বিপাঞ্চী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.