Naga miscreants Terror: নগা দুৰ্বৃত্তই অসমৰ ভূমিৰ পৰাই খেদি পঠিয়ালে সীমান্ত সুৰক্ষা বাহিনীক

By

Published : Feb 11, 2023, 5:31 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

যোৰহাট, 11 ফেব্ৰুৱাৰী: অসমৰ মাটিত নগাৰ আগ্ৰাসনক লৈ পুনৰ অশান্ত হৈ পৰিছে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্ত (Assam Meghalaya Border) ৷ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা অসমৰ সেনা জোৱানৰ এটা দলক নগাৰ ভাবুকি ৷ কেৱল ভাবুকি প্ৰদান কৰাই নহয়, অসমৰ ভূমিৰ পৰাই নগাই খেদি পঠিয়ালে দলটোক ৷

উল্লেখ্য যে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই এইবাৰ মুকলিকৈ চলাই গৈছে সন্ত্ৰাস । মৰিয়নিৰ নাগাজাংকাৰ দিচৈভেলী বনাঞ্চলৰ (Dissoi Valley Reserve Forest) বহু মূল্যৱান গছ কাটি অসমৰ ভূমিত অবাধ বেদখলত নামিছে নগা দুৰ্বৃত্ত (Naga miscreant destroys Assam forest) ৷ এই ঘটনাৰ পাচতে সীমান্তত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ (Assam Deforestation by Naga) ।

গছ-গছনি কাটি টহিলং কৰাৰ পিচত নগাই এইবাৰ এখোপ ওপৰলৈ গৈ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত সংস্থাপন কৰিছে এটা কাঠৰ মিল (Naga aggression)। নগাই কাঠৰ মিল স্থাপন কৰা সন্দৰ্ভত খবৰ লাভ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ তাৰ পিচতেই সীমান্ত সুৰক্ষা বাহিনীৰ এটা দল মিলটো পৰিদৰ্শন কৰিবলৈ আজি উপস্থিত হয়গৈ সেই স্থানত ৷ সীমান্ত সুৰক্ষা বাহিনীৰ দল সেই স্থানত উপস্থিত হোৱা দেখি নগা দুৰ্বৃত্তই দলটোক চোকা অস্ত্ৰ দেখুৱাই ভয় ভাবুকি প্ৰদান কৰে ৷  

সেই স্থানত গৈ প্ৰথম অৱস্থাত মিলটো সীমান্ত সুৰক্ষা বাহিনীয়ে বন্ধ কৰি দিয়ে যদিও চোকা অস্ত্ৰৰে ভয় ভাবুকি দেখুৱাই সীমান্ত সুৰক্ষা বাহিনীৰ হতুৱাই পুনৰ সেই মিলটো খুলিবলৈ বাধ্য কৰাই নগাই (Naga Terror in Assam Nagaland border) ৷ এয়া সীমান্তত বসবাস কৰা এগৰাকী সচেতন অসমীয়াই সাংবাদিকৰ আগত উল্লেখ কৰা ঘটনাৰ বিৱৰণী ৷  

সচেতন ব্যক্তিগৰাকীয়ে ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয় যে সীমান্ত সুৰক্ষা বাহিনীয়েই যদি নগাৰ পৰা সুৰক্ষিত নহয়, তেন্তে সাধাৰণ মানুহ কেনেকৈ সুৰক্ষিত হ’ব ? বহুসময় ধৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও প্ৰাণৰ ভয়ত সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা নাই ৷ এইক্ষেত্ৰত এগৰাকী বিধায়ক হিচাপে ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱস্থা ল’ব লাগিছিল তাকে নকৰি বিধায়কগৰাকীয়ে অৱলম্বন কৰিছে কেৱল মৌনতা ৷ দিনক দিনে আৰু অধিক বৃদ্ধি পাইছে নগাৰ সন্ত্ৰাস ৷ সেয়েহে অসম চৰকাৰক নগা দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সচেতন ব্যক্তিগৰাকীয়ে ৷

লগতে পঢ়ক: Naga aggression : অসমৰ গছ কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তই

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.