Mysterious death:৭ মহীয়া অন্তঃসত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ উত্তেজনা

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 12:53 PM IST

thumbnail

ডিব্ৰুগড়, 4 অক্টোবৰ : ৰাজ্যত সংঘটিত এটাৰ পাচত আন এটা নাৰীজনিত ঘটনাই কঁপাই গৈছে ৰাজ্যৰ সমাজ জীৱনক । নাৰী নিৰ্যাতনৰ লগতে ধৰ্ষণৰ দৰে ঘটনাসমূহৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ পাচতো এই ঘটনাৰ সংখ্যা কমা নাই । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ মাইজানৰ নগাঘূলিৰ পৰা আহিছে এক শিহৰণকাৰী খবৰ ৷

মাইজানৰ নগাঘূলিত ৭ মহীয়া অন্তঃসত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ নিশা তীব্ৰ উত্তেজনা সৃষ্টি হয় । ঘটনা অনুসৰি লাহোৱাল নগাঘূলিৰ কানাই গাঁৱৰ নিবাসী চাবিৰ হুছেইনৰ পুত্ৰ লিয়াকত আলিৰ ৭ মহীয়া অন্তঃসত্বা পত্নী চাহেবা খাতুন নামৰ ২০ বছৰীয়া মহিলা গৰাকী শুৱনি কোঠাতে এখন চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় । এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মৃত চাহেবা খাতুনৰ পৰিয়ালে ।

দীৰ্ঘদিন ধৰি স্বামী লিয়াকত আলিৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰৰ বলি হৈ অহাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ পূৰ্বে এবাৰ চাহেবা খাতুনৰ গাত জুই লাগিছিল বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত নিশাই পৰিয়ালৰ লোক উপস্থিত হোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মাৰধৰ কৰাৰ লগতে বেয়াকৈ অপদস্থ কৰে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকক ৷ নিশাই ঘটনাস্থলীত ৰহমৰীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে । আৰক্ষীৰ তদন্ততহে গম পোৱা যাব প্ৰকৃততে কেনেদৰে মৃত্যু হ’ল ৭ মহীয়া অন্তঃসত্বা বোৱাৰীগৰাকীৰ ।

লগতে পঢ়ক : Suspected murder in Barpeta: বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.