Drug Peddler Arrested: 11 লাখ টকা সহ ম্যানমাৰৰ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Jul 14, 2023, 10:55 PM IST

thumbnail

কৰিমগঞ্জ, 14 জুলাই : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী কঠোৰ অভিযান চলি থকাৰ পিচতো গা ল’ৰা নাই একাংশ ড্ৰাগছ ব্যৱসায়ীৰ লগতে সৰবৰাহকাৰীৰ ৷ শুকুৰবাৰে কৰিমগঞ্জ আৰক্ষীয়ে ড্ৰাগছ যোগান ধৰাৰ বাবে ম্যানমাৰৰ এজন নাগৰিকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা যুৱকজনৰ পৰা 11.5 লাখ টকা উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা যুৱকজনক লালিয়ান চাংগা বুলি চিনাক্ত কৰা হৈছে। 

ধৃত অভিযুক্তটোৱে মিজোৰামত ড্ৰাগছৰ ব্যৱসায় চলায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷  আৰক্ষীয়ে লগতে কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ ঈশানচৰা অঞ্চলৰ পৰা প্ৰায় 200 টা চাবোনৰ বাকচত হেৰ’ইন উদ্ধাৰ কৰা হৈছিল ৷ 

উল্লেখ্য যে,  আৰক্ষীয়ে  প্ৰথম অৱস্থাত মকবুল হোছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল । সৰবৰাহকাৰীটোক সোধা-পোছা কৰাৰ পিচতে ম্যানমাৰৰ অভিযুক্তটোৰ পৰা ড্ৰাগছ লোৱা বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিছত, কৰিমগঞ্জ আৰক্ষীয়ে মিজোৰামত অভিযান চলায়। মিজো আৰক্ষীৰ লগতে চলোৱা এই যৌথ অভিযানত ম্যানমাৰৰ নাগৰিক লালিয়ান চাংগাক চম্পাই অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । 

স্মৰ্তব্য যে, ড্ৰাগছ সৰবৰাহকাৰীসকলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু আন্তঃৰাজ্যিক সীমান্তৰ পাৰ্শ্বৱৰ্তী অঞ্চল হোৱাৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি দাসে এই কথা জানিবলৈ দিয়ে।

লগতে পঢ়ক: Nitin Gadkari threat case : সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে গোচৰটোৰ মূল অভিযুক্ত জয়েশৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.