Durga Puja 2023 : মৰিয়নীত দেৱী দুৰ্গাৰ আশিস ল’লে সাংসদ তপন কুমাৰ গগৈয়ে

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 10:15 PM IST

Updated : Oct 21, 2023, 10:21 PM IST

thumbnail

যোৰহাট, 21 অক্টোবৰ : সমগ্ৰ ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ লগতে পূজা মণ্ডপে মণ্ডপে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী তথা মন্ত্ৰী-বিধায়ক আৰু সাংসদে ৷  

শনিবাৰে মহাসপ্তমীৰ দিনটোত মৰিয়নীৰ পূজা মণ্ডপত দেৱী দুৰ্গাৰ আশীস ল'লে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৷ মহাসপ্তমীৰ দিনা মৰিয়নীৰ পঞ্চাশ বছৰ গৰকা বিৰলা কলনীৰ সাৰ্বজনীন দুৰ্গা পূজাস্থলীত উপস্থিত হৈ দেৱীৰ আশিস গ্ৰহণ কৰে সাংসদগৰাকীয়ে ৷ সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত সাংসদ গগৈয়ে দেৱী দুৰ্গাৰ আৰ্শীবাদত অসমে সুন্দৰ ৰূপত আগুৱাই যাব বুলি উল্লেখ কৰে আৰু সমাজৰ পৰা দেৱী দুৰ্গাই অসুয়া-অশান্তি দূৰ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিব বুলি আশা কৰে ৷ পূজাস্থলীত সাংসদ তপন গগৈৰ লগত উপস্থিত থাকে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ৷ 

লগতে পঢ়ক : Durga Puja in Assam : পূজাৰ মণ্ডপে-মণ্ডপে মুখ্যমন্ত্রীকে ধৰি মন্ত্রীগণ

Last Updated : Oct 21, 2023, 10:21 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.