Queen Oja on price hike: অসমত মূল্যবৃ্দ্ধি চকুত পৰা নাই সাংসদ কুইন ওজাৰ

By

Published : Apr 25, 2023, 10:14 PM IST

thumbnail

নলবাৰী,২৫ এপ্ৰিল: পুনৰ গুৱাহাটী লোকসভা সমষ্টিতে নিৰ্বাচন খেলাৰ মন সাংসদ কুইন ওজাৰ । পুনৰবাৰ নিৰ্বাচন খেলাৰ বাবে নিজকে সাজু কৰি তুলিছে সাংসদ কুইন ওজাই । মঙলবাৰে নলবাৰীৰ বৰ আজাৰা চান্দকুছিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ মুকলি সভা অনুষ্ঠানত উপস্থিত থাকি এই কথা ব্যক্ত কৰিলে সাংসদ কুইন ওজাই (MP Queen Oja on Lok sabha election) ।  

লগতে সাংসদগাৰাকীয়ে জনাই যে, দলে বিচাৰিলে পুনৰ প্ৰতিদন্দিতা আগবঢ়াব কুইন ওজাই । আনহাতে, এইবাৰ গুৱাহাটী সমষ্টিৰ পৰা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ নাম চৰ্চাত থকা সন্দৰ্ভত সাংসদ গৰাকীয়ে এয়া মিডিয়াৰ প্ৰচাৰ বুলি হে কয় । এটা দলত সকলোৰে অধিকাৰ আছে প্ৰাৰ্থীত্ব বিচৰাতো । কিন্তু নাৰায়ণ ডেকা অথবা আঙুৰলতা ডেকাই হেনো গুৱাহাটীৰ পৰা প্ৰাৰ্থীত্ব বিচৰা নাই বুলি হে মন্তব্য কৰে সাংসদ কুইন ওজাই (Queen Oja comments on Lok Sabha election) ।  

আনহাতে, অংকিতা দত্ত সন্দৰ্ভত সাংসদ কুইন ওজাই মহিলাক যিকোনো দলেই সন্মান মৰ্যদা দিব লাগে বুলি কৈ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে (Queen Oja reacts on Angkita Dutta controversy)। ইফালে মূল্যবৃদ্ধিৰ প্ৰসংগত মিডিয়াই ভুল প্ৰচাৰ কৰা বুলি কয় সাংসদগৰাকীয়ে (Queen Oja reacts on price hike) । অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি নাভাবে সাংসদ কুইন ওজাই । মুল্যবৃদ্ধি হেনো এক প্ৰচাৰহে । বিৰোধীৰহে এইয়া প্ৰচাৰ বুলি কয় কুইন ওজাই । অসমত মুল্যবৃদ্ধি দেখা নাই বুলি উল্লেখ কৰে সাংসদ কুইন ওজাই । 

লগতে পঢ়ক: Gunotsav 2023 Result : গুণোৎসৱ ২০২৩ৰ ফলাফল ঘোষণা; শীৰ্ষত পুনৰ শিৱসাগৰ, শেষত কাৰ্বি আংলং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.