Amrit Kalash Yatra: শদিয়াৰ ছৈখোৱাত অমৃত কলহ যাত্ৰাত সাংসদ প্ৰদান বৰুৱা

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:49 PM IST

thumbnail

তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ: অসম চৰকাৰে 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ অংশৰূপে অমৃত কলহ যাত্ৰা জড়িয়তে অসমৰ মাটিৰে দিল্লীত দেশৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া অমৃত ভাটিকাৰ বাবে এইদৰে মাটি সংগ্ৰহ অভিযান কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিততে আজি তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টি ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ন ধাদুম গাঁৱত মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰে মাটি সংগ্ৰহ অভিযান কৰা হয় । উক্ত মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত কেইবাটাও আত্মসহায়ক গোটৰ সদস্যাই অংশগ্ৰহণ কৰে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াৰ উপস্থিতিত আজি এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নতুন দিল্লীত দেশৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া অমৃত ভাটিকাৰ বাবে দেশজুৰি অব্যাহত ৰখা এই অমৃত কলহ যাত্ৰাত সমষ্টিবাসী সকলো ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় সাংসদ প্ৰদান বৰুৱাই ৷

লগতে পঢ়ক:Hearing Loss Treatment : অডিঅ’মেট্ৰি বিভাগ কি ? ইয়াত কেনেধৰণে চিকিৎসা সেৱা আগবঢ়োৱা হয় ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.