আলফাৰ ত্ৰিপাক্ষিক চুক্তিয়ে অসমীয়াৰ আৱেগক আঘাত কৰিছে: নৱ শৰণীয়া

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 10:48 AM IST

thumbnail

বাক্সা, ৯ জানুৱাৰী : "ভাৰতৰ যিখন চৰকাৰ আছে সেইখন এনে এখন চৰকাৰ যিয়ে শান্তি আলোচনালৈ আহিলেই কাৰোবাক ৰেহাই দিব ৷ আমি গম পোৱা মতে চৰকাৰে মাজতে পৰেশ বৰুৱাক কৰায়ত্ত কৰাৰ লগতে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷ আলফা স্বাধীনে কেনেদৰে যুঁজিব লাগে সয়া ভালদৰে জানে ৷ আলফা স্বাধীনৰ হাতত চাগে প্ৰতিৰোধী ব্যৱস্থা আছিল ৷" শেহতীয়াকৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই কৰা ড্ৰোণ আক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য আগবঢ়ায় সাংসদ নৱ শৰণীয়াই ৷ 

লগতে আলফা চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি আলোচনা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি সাংসদ শৰণীয়াই কয় যে, আলফা-ভাৰত চৰকাৰ-ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তিয়ে অসমীয়াৰ আৱেগক আঘাত কৰিছে ৷ অনুপ চেতিয়া নাইবা আলফাৰ শীৰ্ষ নেতৃত্বৰ পৰা এইধৰণৰ চুক্তি আশা কৰা নাছিল । অনুপ চেতিয়াই বাংলাদেশৰ পৰা বন্দীত্বৰ পৰা মুক্তিৰ বাবে চৰকাৰৰ সৈতে স্বাক্ষৰ কৰি আহিছিল । 

গতিকে তেওঁ নিজৰ কথা ৰাখিলে । আলফাৰ সংগ্ৰামত অসমৰ হাজাৰ হাজাৰ ডেকা ল’ৰা নিহত, আহত হোৱাই নহয় লাখ লাখ পৰিয়াল নিৰ্যাতিত হৈছিল। আলফা চৰকাৰৰ আলোচনাত এনে কিছু বিষয়বস্তু সাঙোৰ খাব লাগিছিল যি ভাষিক, ৰাজনৈতিক, আৰ্থ সামাজিক আদি বিষয়বস্তু থাকিব লাগিছিল ।

লগতে পঢ়ক: পুনৰ অগপলৈ উভতিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্য !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.