Durga puja 2023: ৰঙিয়াত সাংসদ দিলীপ শইকীয়া

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:12 AM IST

thumbnail

ৰঙিয়া, 23 অক্টোবৰ: শাৰদীয় বতৰতো মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়াই সমাগত নিৰ্বাচন সন্দৰ্ভত মতামত আগবঢ়ায় ৷ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দেখুওৱা তৎপৰতা সন্দৰ্ভত মন্তব্য আগবঢ়াই শইকীয়াই কয়, "নিৰ্বাচনৰ সময়ত টিকট বিচৰা মানুহ সকলো দলতে থাকে । কিছুমান লোকে নিৰ্বাচন আহিলেহে তৎপৰতা দেখুৱায় । দলে যাক যোগ্য বুলি বিবেচনা কৰিব তাকেই টিকট দিব । ৰাইজে যাকেই বিচাৰিব তেওঁয়েই টিকট পাব আগন্তুক নিৰ্বাচনত ।

উল্লেখ্য যে, শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাঙ্গণত আয়োজিত দুৰ্গা পূজাস্থলীত দেওবাৰে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া । অগণন ভক্তৰ লগতে দেৱী দুৰ্গাৰ আশীষ লৈ ৰাইজৰ মঙ্গল কামনা কৰে বিজেপি সাংসদ দিলীপ শইকীয়াই । 

লগত পঢ়ক: Durga Puja 2023: 130 বছৰ গৰকিলে নগাঁও বাঙালী সন্মিলনীৰ পূজাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.