৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলিল চলন্ত বাহন

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:11 PM IST

thumbnail

মৰাণ, 17 ডিচেম্বৰ: ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ ঘটনা ৷ বগীবিল দলঙৰ সমীপৰ 52 নং (B)ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলিল এখন চলন্ত বাহন ৷ ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ তহিদুৰ ৰহমান নামৰ ব্যক্তিজনে বগীবিলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি এই ঘটনা সংঘটিত হয় । 

AS 01 AZ 6126 নম্বৰৰ টাটা আৰিয়া বাহনখন জ্বলি ছাৰখাৰ হৈ যায় । এই ঘটনাত চালক তথা বাহনৰ গৰাকী তহিদুৰ ৰহমান নামৰ লোকজনৰ কোনোমতে প্ৰাণৰক্ষা পৰে ৷ এই ঘটনাৰ পিচতে ৰাষ্ট্ৰীয় ঘাইপথটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । 

লোকজনে কোৱা অনুসৰি তেওঁ দেওবাৰ উপলক্ষে অৱসৰৰ বাবে ওলাই আহিছিল ৷ বাহনখনত প্ৰথমে অলপ ধোঁৱা দেখি ৰৈ দিছিল যদিও স্থানীয় লোকৰ সহযোগত সেই জুই নুমুৱা হৈছিল ৷ কিন্তু কিছুদূৰ আহিয়েই পুনৰ বাহনখনত এনেদৰে অগ্নিসংযোগ হয় ৷

লগতে পঢ়ক: মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.