ৰ’ডেৰে মৰিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 1:40 PM IST

thumbnail

যোৰহাট, 28 ডিচেম্বৰ : যোৰহাট জিলাৰ মৰিয়নীত সভ্য সমাজক লজ্জিত কৰা ঘটনা সংঘটিত হৈছে ৷ পাষণ পুত্ৰৰ হাতত মৃত্যু হ’ল জন্মদাত্ৰী মাতৃৰ ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে মৰিয়নী ভেলেওগুৰি কালিয়া গাঁৱত। 

ঘটনাৰ বিৱৰণি অনুসৰি মৰিয়নীৰ ভেলেওগুৰি কালিয়া গাঁৱত বিধৱা মাতৃ আৰু পুত্ৰৰ মাজত পৰিয়াল কেন্দ্ৰিক বাক-বিতণ্ডা আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই ভংয়কৰ ৰূপ লয় ৷ অৱশেষত হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ নবীন বৰাই জন্মদাত্ৰী মাতৃ নিৰু বৰাক ৰ’ডেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে । 

এই জঘন্য কাণ্ডই সভ্য সমাজক হতচকিত কৰাৰ লগতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্য়ে অভিযুক্ত পুত্ৰ নবীন বৰাক মৰিয়নী দেৱেৰাপাৰা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ মাতৃহন্তা পুত্ৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক: ফুৰাবলৈ নিয়াৰ চলেৰে তিনি নাবালিকাক ধৰ্ষণ তিনি যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.