Mortar recovered: IED ৰ পিচত এইবাৰ চিকৰাজানত মৰ্টাৰ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 5:10 PM IST

thumbnail

তিনিচুকীয়া, ১৭ অক্টোবৰ: মঙলবাৰে তিনিচুকীয়া জিলাৰ চিকৰাজানৰ সমীপৰ তৰাণী দলঙৰ সমীপত এটা মৰ্টাৰ উদ্ধাৰ কৰা হয়  ৷ অৰুণ মৰাণ নামৰ এজন লোকৰ পথাৰত ট্ৰেক্টৰেৰে হাল বাই থাকোঁতে মাটিৰ তলত উদ্ধাৰ হয় এই পুৰণি মৰ্টাৰটো ৷ মৰ্টাৰটোৰ ভিতৰত উদ্ধাৰ কৰা হৈছে এখন তথ্য সম্বলিত কাগজো ৷ 

ইয়াৰ পিচতে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ কোনে আৰু কেতিয়া এই স্থানত এনেদৰে মৰ্টাৰটো পুতি থৈ গৈছিল তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে  ৷ ইতিমধ্যে এই স্থানত স্থানীয় আৰক্ষী উপস্থিত হৈ মৰ্টাৰটো জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ৷

লক্ষণীয় যে, বিগত সময়ত তিনিচুকীয়া জিলাৰ কেবাঠাইতো আৰক্ষীয়ে IED উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ এই সন্দৰ্ভত তদন্ত কৰা হৈছিল যদিও কোনে এই মাৰণাস্ত্ৰসমূহ পেলাই থৈ যায় সেইবিষয়ে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ৷ 

লগতে পঢ়ক: Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.