পহিলা জানুৱাৰীত কাক মোবাইল বিতৰণ কৰিলে নগাঁও আৰক্ষীয়ে ?

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 7:20 PM IST

thumbnail

নগাঁও, ১ জানুৱাৰী: মোবাইল ল'বলৈ নতুন বছৰৰ প্ৰথম দিনটোতেই নগাঁও আৰক্ষী ছাউনি প্ৰেক্ষাগৃহত ভিৰ কৰিলে বহু লোকে । আৰক্ষী ছাউনিত আৰক্ষীয়ে বিতৰণ কৰিলে মোবাইল । অৱশ্যে বিনামূলীয়া মোবাইল বিতৰণ অনুষ্ঠান নহয় । হেৰুওৱা মোবাইল উদ্ধাৰ কৰি গৰাকীক ওভতাই দিলে নগাঁও আৰক্ষীয়ে ।  

বিগত সময়ত নগাঁৱৰ বহু লোকৰ মোবাইল চুৰি হোৱা গোচৰ ৰুজু হৈছিল নগাঁও আৰক্ষীত । মোবাইল চুৰি গোচৰৰ অনুসন্ধান কৰি নগাঁও আৰক্ষীয়ে শতাধিক চুৰি মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষীয়ে । চুৰি হোৱা মোবাইল উদ্ধাৰ কৰি প্ৰথমে গৰাকী চিনাক্ত কৰাৰ পিছত সোমবাৰে অৰ্থাৎ নতুন বছৰৰ প্ৰথমটো দিনত গৰাকীক ওভতাই দিয়ে নগাঁও আৰক্ষীয়ে । হেৰুওৱা মোবাইল ঘূৰাই পাই উৎফুল্লিত হৈ  মোবাইলৰ গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে নগাঁও আৰক্ষীক।  

লগতে পঢ়ক:আলফা-চৰকাৰৰ চুক্তিয়ে অসমলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব: ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.