আলফা-চৰকাৰৰ চুক্তিয়ে অসমলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব: ৰামেশ্বৰ তেলী

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 6:18 PM IST

thumbnail

ডিব্ৰুগড়, 1 জানুৱাৰী : পহিলা জানুৱাৰীৰ দিনটোত টিংখাঙত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । নতুন বছৰটোত অসমত শান্তি সমৃদ্ধি বৃদ্ধি পোৱাৰ কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মন্ত্ৰীগৰাকীয়ে । 

ডিব্ৰুগড়ৰ টিংখাঙত উপস্থিত হৈ আলোচনাপন্থী আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা শান্তিচুক্তিয়ে অসমৰ শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত এক যুগান্তকাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । 29 ডিচেম্বৰৰ দিনা ভাৰত চৰকাৰ আৰু আলফাৰ মাজত হোৱা শান্তিচুক্তিয়ে এইকেইদিন অসমৰ আকাশ-বতাহ গৰম কৰি ৰাখিছে ৷ বহুতে এই শান্তিচুক্তিক লৈ সহমত প্ৰকাশ কৰিছে যদিও বহুতে ইয়াৰ বিৰোধিতাও কৰিছে ৷

টিংখাঙত উপস্থিত ৰামেশ্বৰ তেলীয়ে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো আলোচনাৰ মাধ্যমেৰে মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনায় ৷

লগতে পঢ়ক : পৰেশ বৰুৱাৰ ৰাস্তা ভুল হ’ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.