ETV Bharat / state

পৰেশ বৰুৱাৰ ৰাস্তা ভুল হ’ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:25 PM IST

Updated : Jan 1, 2024, 9:06 PM IST

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

CM Himanta Biswa Sarma : পৰেশ বৰুৱাক অসমৰ পৰিস্থিতি যে এতিয়া সাৰ্বভৌমত্বৰ সপক্ষে নাই সেই কথাৰ উমান দিব লাগিব ৷ পৰেশ বৰুৱাই অসমৰ কমেও 10 হাজাৰ মানুহৰ লগত কথা পাতক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

পৰেশ বৰুৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 1 জানুৱাৰী : “পৰেশ বৰুৱাৰ ৰাস্তা ভুল হ’ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল ৷ তেওঁ সাৰ্বভৌমত্ব নেৰে ৷ অসমৰ মানুহে তেওঁলৈ বাৰ্তা দিব লাগে যে সাৰ্বভৌমত্ব সম্ভৱপৰ নহয় ৷ যাতে তেওঁ উভতি আহে ৷” আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি দৰদ দেখুৱাইয়ো আজি বছৰৰ প্ৰথম দিনটোত আলফা স্বাধীনৰে আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে ৰাজহুৱাভাৱে এক মন্তব্য কৰে ৷ অসমৰ ৰাইজেই যে পৰেশ বৰুৱাক অসমৰ পৰিস্থিতি এতিয়া সাৰ্বভৌমত্বৰ সপক্ষে নাই সেই কথাৰ উমান দিব লাগিব বুলি স্পষ্ট ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে ৷

নৱবৰ্ষ উপলক্ষে আজি দিছপুৰত আয়োজিত 'নতুন দিনৰ আলাপ' নামৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ প্ৰথমে মুখ্যমন্ত্ৰী শৰ্মাই কয়-“পৰেশ বৰুৱাৰ লগত মই কমেও তিনি-চাৰিমাহ মানৰ মূৰে মূৰে কথা পাতিয়ে থাকো ৷ আলোচনাপন্থীৰে চুক্তিৰ পিছতে এসপ্তাহৰ মানৰ মূৰত পুনৰ কথা পাতিম বুলি ভাবিছিলোৱেই ৷” মুখ্যমন্ত্ৰীৰ ধাৰণা যে সোনকালে পৰেশ বৰুৱা আলোচনাৰ মেজলৈ অহাৰ সম্ভাৱনা নাই ৷ কাৰণ তেওঁ সাৰ্বভৌমত্বৰ প্ৰসংগ নেৰে ৷ গতিকে পৰেশ বৰুৱাই বুজি পাব লাগিব যে তেওঁ এৰি থৈ যোৱা 30 বছৰৰ আগৰ সেই অসমখন এতিয়া নাই ৷

সাংবাদিকৰে মত বিনিময়ত আজি দিছপুৰত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আলোচনাপন্থীৰে চুক্তিৰ পিছত এতিয়া অতি প্ৰাসংগিক হৈ পৰিছে পৰেশ বৰুৱা ৷ সাংবাদিকৰ প্ৰশ্ন- পৰেশ বৰুৱা উভতি আহিব কেতিয়া ? পৰেশ বৰুৱাৰে আলোচনাৰ প্ৰসংগত আজি মুখ্যমন্ত্ৰীৰ স্পষ্ট মত যে পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিব বুলি সোনকালে একো আশা কৰিব নোৱাৰি ৷ কাৰণ তেওঁ য’ত আছে তেওঁ সোনকালে আহিব নোৱাৰে ৷ পৰেশ বৰুৱাই সাৰ্বভৌমত্ব নেৰে ৷ পৰেশ বৰুৱাই গম পাব লাগিব যে ৰাজ্যখনত তেওঁ নথকা 40 বছৰত কি কি পৰিৱৰ্তন হ’ল ৷ সেয়ে মুখ্যমন্ত্ৰীৰ আহ্বান যে পৰেশ বৰুৱাই অসমৰ কমেও 10 হাজাৰ মানুহৰ লগত কথা পাতক ৷ গম পাব আজিৰ অসমৰ পৰিস্থিতি আৰু উন্নয়নে কি পৰ্যায় পাইছে ৷ পৰেশ বৰুৱাই যেতিয়া গম পাব 40 বছৰৰ আগতে তেওঁ এৰি থৈ যোৱা অসমখন এতিয়া নাই ৷ অসমৰ ৰাইজো সাৰ্বভৌমত্বৰ পক্ষত নাই, সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা নাই তেতিয়া তেওঁ নিজেই উভতি আহিব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনকি পৰেশ বৰুৱাৰে কথা পাতিবলৈ নিজৰ মন্ত্ৰী সকলক অনুমতি দিয়া বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ “মোৰ মন্ত্ৰী সকলকো মই কৈছো ৷ পৰেশ বৰুৱাৰ সৈতে কথা পাতিবলৈ ৷ আৰক্ষী-সেনাকো কৈছো পৰেশ বৰুৱাৰে কথা পতা মানুহক আমনি নিদিবলৈ ৷" এয়া মুখ্যমন্ত্ৰীয়ে সোমবাৰে দিছপুৰত কৰা মন্তব্য ৷ “কথা পাতি থাকিম ৷ সময়ে সময়ে পাতি থাকিম ৷ কথা পতাৰ ৰে’লগাড়ী চলি থাকিব, কোনোবা এদিন আহিব তেওঁ ৷”—আশাবাদী মুখ্যমন্ত্ৰীৰ বক্তব্য ৷

'ৰাস্তা ভুল হ’ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল ৷' পহিলা জানু্ৱাৰীত মুখ্যমন্ত্ৰীৰ পৰেশ বৰুৱা প্ৰংসগত এয়া হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ মন্তব্য ৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে পৰেশ বৰুৱালৈ যদি ইমানেই দৰদ তেন্তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কিয় আলফামুখী যুৱকসকলক এনকাউণ্টাৰ কৰিছে ? তাৰো উত্তৰ দি ড৹ শৰ্মাই কৈছে "আমি ভাল পৰিৱেশৰ বাবে চেষ্টা কৰিব পাৰো ৷ কিন্তু কোনোবাই অপৰাধ কৰিলে তাৰ বিৰুদ্ধে আৰক্ষী বা সেনাই ব্যৱস্থা গ্ৰহণ কৰিবই ৷ আমি বাধা দিব নোৱাৰো ৷"

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

Last Updated :Jan 1, 2024, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.