Sherman Ali Ahmed: কংগ্ৰেছক কেইবাটাও চৰ্ত দিলে নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে

By

Published : Oct 28, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

মিঞা মিউজিয়াম সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali on Miya Museum)। তেওঁ কয় যে মিঞাক সন্দেহযুক্ত বাংলাদেশী বুলি কোৱাৰ প্ৰেক্ষাপটত যিসকলে মনত দুখ পায় তেওঁলোকে মিঞা । তেওঁ মিঞা মিউজিয়ামক লৈ(Miya Museum) চিন্তিত নহয় বুলি সদৰী কৰি কয় যে তেওঁ এক কোটি মিঞা মানুহৰ স্বীকৃতিক লৈ চিন্তিত । তেওঁ লগতে কয় যে কংগ্ৰেছে নিজৰ সংবিধান পাহৰি টকা-পইচা আৰু গাদীৰ পাছত দৌৰি আছে । কংগ্ৰেছত থাকিবলৈ তেওঁ কেইবাটাও চৰ্ত আৰোপ কৰে । তেওঁ কয় যে তেওঁৰ মন এতিয়াও এশ শতাংশ কংগ্ৰেছত আছে । যদি কংগ্ৰেছে তেওঁৰ চৰ্তসমূহ মানি লয় তেন্তে তেওঁ আজীৱন কংগ্ৰেছত থাকিব । কিন্তু এটা চৰ্ত নামানিলে তেওঁ লগে লগে কংগ্ৰেছ ত্যাগ কৰিব । অৰ্থাৎ কংগ্ৰেছে তেওঁৰ গোটেইকেইটা চৰ্ত মানিব লাগিব । তেওঁ দিলে কংগ্ৰেছক কেইবাটাও চৰ্ত (Sherman Ali condition)।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.