MLA car accident: বিধায়ক ৰূপক শৰ্মাৰ বাহনত দ্ৰুতবেগী ট্ৰাকৰ খুন্দা

By

Published : Jan 3, 2023, 5:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত(MLA Rupak Sharma vehicle accident) । এখন দ্ৰুতবেগী বাহনে খুন্দিওৱাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা(MLA Rupak Sharma car hits by speeding truck) । ৰাইজে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন(Truck that caused the accident seized) । ৰহাত অনুষ্ঠিত হোৱা জোঙাল বলহু অনুষ্ঠানৰ পৰা নগাঁৱলৈ আহি থকাৰ সময়ত ৰহাৰ নাম গাঁওত দুৰ্ঘটনাত পতিত হয় বিধায়ক ৰূপক শৰ্মাৰ বাহনখন । দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকীৰ AS-02-W-6393 নম্বৰৰ বাহনখন । AS-01-CC- 8713 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আৰু হেণ্ডিমেনক কৰায়ত্ত কৰে ৰাইজে । অৱশ্যে দুৰ্ঘটনাটোত বিধায়ক ৰূপক শৰ্মা আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.