সংগ্ৰাম অবিহনে এটা জাতিয়ে একো লাভ নকৰে: ৰমাকান্ত দেউৰী

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:59 PM IST

thumbnail

মৰিগাঁও, 30 ডিচেম্বৰ: শুকুৰবাৰে স্বাক্ষৰিত হোৱা আলফা-চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনাইছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ বিধায়কগৰাকীয়ে কয় যে 12 বছৰৰ অন্তত চুক্তিখন স্বাক্ষৰিত হ’ল ৷ এই পদক্ষেপটো লোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় বিধায়কগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ লোৱাৰ কাৰণেই অসমীয়া জাতীয় জীৱনত এটা ভাল সময় আহিছে ৷ এই সময়টোৱে অসমৰ সকলো জাতি-জনগোষ্ঠা ঐক্যবদ্ধ হ’ব লগাটোৱেই সূচাইছে বুলি মন্তব্য কৰে মৰিগাঁৱৰ বিধায়কগৰাকীয়ে ৷ ঐক্যবদ্ধ হ’লে অসমীয়া জাতিটো আগবাঢ়ি যাব বুলি অতিকৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

আনহাতে সংগ্ৰাম অবিহনে এটা জাতিয়ে একো লাভ নকৰে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ অৱশ্য সেই সংগ্ৰামৰ অৱসানৰ বাবে আলোচনাৰ লগতে ৰাজনৈতিক সমাধানৰ প্ৰয়োজন বুলি কয় ৰমাকান্ত দেউৰীয়ে ৷

লগতে পঢ়ক: পৰেশ বৰুৱা অবিহনে অসমত স্থায়ী শান্তি সম্ভৱনে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.