ETV Bharat / state

পৰেশ বৰুৱা অবিহনে অসমত স্থায়ী শান্তি সম্ভৱনে ?

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 7:32 PM IST

ULFA Govt Peace Accord
চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ

ULFA Govt Peace Accord: শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সমান্তৰালভাৱে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ৷ চৰ্চাৰ চলিছে যে আলফা (স্বা)ক নেতৃত্ব দি অহা পৰেশ বৰুৱা কেতিয়া আহিব আলোচনাৰ মেজলৈ ? পৰেশ বৰুৱা অবিহনে এই শান্তি চুক্তি সম্পূৰ্ণনে ?

গুৱাহাটী, 30 ডিচেম্বৰ : আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ মাজত 29 ডিচেম্বৰৰ সন্ধিয়া দিল্লীত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সেই মুহূৰ্তটোক ঐতিহাসিক মুহূৰ্ত বুলি দাবী কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ অসমতো বহুলোকেই আশা কৰিছে এই শান্তি চুক্তিয়ে অসমলৈ শান্তিৰ বতৰা কঢ়িয়াই আনিব ৷ কিন্তু সমান্তৰালভাৱে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ৷ শান্তি চুক্তিক আদৰণি জনোৱাৰ মাজতে চৰ্চাৰ জোৱাৰ উঠিছে যে এতিয়া অৰণ্যত থাকি আলফা (স্বা)ক নেতৃত্ব দি অহা পৰেশ বৰুৱা কেতিয়া আহিব আলোচনাৰ মেজলৈ ? পৰেশ বৰুৱা অবিহনে এই শান্তি চুক্তি সম্পূৰ্ণনে ?

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, বিশিষ্ট বুদ্ধিজীৱিৰ পৰা আৰম্ভ কৰি প্ৰাক্তন আলফা নেতা, ৰাজনীতিক সকলোৱেই উচ্চাৰণ কৰিছে পৰেশ বৰুৱাৰ প্ৰসংগ ৷ কাৰণ এতিয়াও সক্ৰিয় হৈ আছে পৰেশ বৰুৱা ৷ সাংবাদিকৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক এতিয়াও ঢাপলি মেলিছে ম্যানমাৰৰ অৰণ্যলৈ, 66 বছৰীয়া পৰেশ বৰুৱাৰ আলফা স্বাধীনলৈ ৷ বিগত 44 বছৰ ধৰি অৰণ্য আৰু বিদেশী ৰাষ্ট্ৰত আশ্ৰয় লৈ আলফাৰ এই সংগ্ৰামৰ সৈতে জড়িত হৈ গুৰুত্ব ভূমিকা পালন কৰি আহিছে পৰেশ বৰুৱাই ৷ গুৰুত্বপূৰ্ণ কথা এইয়ে যে, শান্তি চুক্তি প্ৰক্ৰিয়াৰ প্ৰাক মুহূৰ্তত শুকুৰবাৰে আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই অকপট স্বীকাৰোক্তি দিলে যে মাত্ৰ তেৰটা অস্ত্ৰ লৈ আলোচনাত বহিছে তেওঁলোক ৷ এই চুক্তিত যিখিনি তেওঁলোকে আদায় কৰিব নোৱাৰিলে অনান্য সকলে পৰেশ বৰুৱাই আদায় কৰক বুলিও চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত মন্তব্য অনুপ চেতিয়াৰ ৷

দিল্লীত শান্তি চুক্তি স্বাক্ষৰৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে পৰেশ বৰুৱাৰ সৈতেও আলোচনাৰ বাবে বাট মুকলি কৰিলে এই আলোচনাই ৷ ইয়াৰ পূৰ্বে অসমত দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰিছিল যে 2021ত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁৰ বহুবাৰ পৰেশ বৰুৱাৰ সৈতে কথা-বতৰা হৈছে ৷ বিশিষ্ট বুদ্ধিজীৱী-শিক্ষাবিদ, প্ৰাক্তন সাংসদ ড৹ নগেন শইকীয়াৰ পৰা আৰম্ভ কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই শান্তি চুক্তি আৰু পৰেশ বৰুৱাৰ প্ৰসংগত ৷ বিশিষ্ট শিক্ষাবিদ, সাহিত্যক ড৹ নগেন শইকীয়াই চৰকাৰে এটা ভাল সিদ্ধান্ত বা পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয়, “আলফা-চৰকাৰৰ শান্তি চুক্তিৰ সময়তে আৰু এটা গোট বাহিৰত আছে সেইটোহে চিন্তাৰ বিষয় ৷ পৰেশ বৰুৱাৰ নেতৃত্বত বাহিৰত থকা গোটকো কেনেকৈ আলোচনাৰ মেজলৈ আনিব পাৰি তাৰ চেষ্টাও চলাব লাগে ৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ক'বলগীয়া কথাখিনি শুনি সিদ্ধান্তলৈ আহিলে বেছি ভাল হ'ব ৷’’

“পৰেশ বৰুৱাৰ হৃদয় শিলাময় নহয়, মন গলিলে আলোচনালৈ আহিবও পাৰে”— প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই ৷ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ গৰাকীৰ মন্তব্য যে আলফা স্বাধীন আৰু আলোচনা পন্থী আলফাৰ দুই গোটে পৃথকে পৃথকে আলোচনা কৰিলে কেতিয়াও শান্তি ঘূৰি নাহে ৷ আনহাতে, পৰেশ বৰুৱা অবিহনে আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় বুলি মন্তব্য পিচিজিৰ সদস্য হিৰণ্য শইকীয়াৰ ৷ “পৰেশ বৰুৱাক বাদ দি এই আলোচনা কেতিয়াও সম্ভৱপৰ নহয় ৷ পৰেশ বৰুৱা শান্তি আলোচনাৰ মেজলৈ আহিব, স্থায়ী শান্তিৰ সূত্ৰপাত তেতিয়াহে হ’ব ৷”—বুলি মন্তব্য কৰিছে হিৰণ্য শইকীয়াই ৷ ইফালে চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়েও আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক যদি আলোচনালৈ আনিব পৰা যায় তেতিয়াহে এটা ফলাফল আশা কৰিব পাৰি বুলি মন্তব্য কৰিছে ৷

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আলফাৰে চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে সোনকালেই পৰেশ বৰুৱা আলোচনাৰ মেজলৈ অহাৰ এক পৰিৱেশ তৈয়াৰ কৰিব লাগে ৷ লগতে ভূপেন বৰাই পৰেশ বৰুৱাকো আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে ৷

উল্লেখযোগ্য যে, 2011ত পিচিজিৰ জৰিয়তে আলফাৰ সৈতে আলোচনাৰ প্ৰচেষ্টাৰে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ চেষ্টা কৰা হৈছিল ৷ কিন্তু মূৰকত সেয়া ব্যৰ্থ হৈছিল ৷ তেতিয়াই সৃষ্টি হৈছিল আলোচনাপন্থী আলফা আৰু পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীন ৷ এতিয়া এই শান্তি চুক্তিৰ পিচত প্ৰায় সকলো স্তৰতে ৰাজ্যত প্ৰশ্ন যে পৰেশ বৰুৱা অবিহনে সম্ভৱপৰ হ’ব নে স্থায়ী শান্তিৰ ? আলোচনাৰ মেজলৈ আহিবনে পৰেশ বৰুৱা ?

লগতে পঢ়ক : আলফাৰ চুক্তি বিজেপি দলৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.