মোদী হ্যে তৌ মুমকিন হ্যে; তিনি ৰাজ্যত বিজেপিৰ ফলাফলৰ পাচতে এই মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 9:50 PM IST

thumbnail

ডিব্ৰুগড়, 3 ডিচেম্বৰ : 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজস্থান, তেলেংগানা, ছত্তীশগড় আৰু মধ্যপ্ৰদেশ নিৰ্বাচনৰ ফলাফল অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে । নিৰ্বাচনৰ ফলাফলৰ পূৰ্ব সমীক্ষাৰ লগতে বিৰোধী কংগ্ৰেছে দাবী কৰিছিল আজি ঘোষিত চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব পাৰিব । কিন্তু কাৰ্যতঃ সকলো বিপৰীত হ’ল ।

ৰাজস্থান, তেলেংগানা, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ ভিতৰত কেৱল তেলেংগানাতহে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ দিশে আগবঢ়াক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক প্ৰশান্ত ফুকনই ।

বিধায়কগৰাকীয়ে কয়, ‘‘মোদী হ্যে তৌ মুমকিন হ্যে ৷ কংগ্ৰেছৰ বিপৰ্যয়ৰ পাচত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ম'বাইল অফ কৰি কৰ'বাত শুই আছে । আজি এই ফলাফলে প্ৰমাণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে বৃহৎ সংখ্যক আসন লৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব ।’’

লগতে পঢ়ক : কংগ্ৰেছে কৰা পাপৰ বাবে ভূপেন বৰাক ক্ষমা খোজাৰ আহ্বান অশোক সিংহলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.