Bangla banner controversy: ৰাষ্ট্ৰপতি-অসম চৰকাৰক স্মাৰক পত্ৰ দিয়াৰ যো-জা বিধায়ক পুৰকায়স্থৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:22 PM IST

thumbnail

কৰিমগঞ্জ, 10 নৱেম্বৰ: দুৰ্গা পূজাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাটাও স্থানত বাংলা ভাষাত লিখা পূজাৰ বেনাৰ ফালি পেলোৱাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই ৷ এই সন্দৰ্ভত বৰাকৰ একাংশ সচেতন লোকৰ স্বাক্ষৰ সম্বলিত পত্ৰ দেশৰ ৰাষ্ট্ৰপতি আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জনাইছে বিধায়কগৰাকীয়ে ৷ 

উল্লেখ্য যে বীৰ লাচিত সেনা অসমে গ্ৰহণ কৰা সেই কাৰ্যই ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত কৰিছিল ৷ বিধায়কগৰাকীয়ে কোনো সংগঠনৰ নাম উল্লেখ নকৰাকৈয়ে এই বিষয় সন্দৰ্ভত চৰকাৰৰ দৃষ্টিগোচৰ কৰা হ’ব বুলি মন্তব্য কৰিছে ৷ তেওঁ লগতে কয় যে নিজৰ মাক ভাল পালে আনৰ মাককো সন্মান কৰিব লাগে ৷ বেনাৰ ফলা কাৰ্যক ধৰ্মীয় অনুভূতিত আঘাত হনাৰ দৰেই কথা বুলিও কয় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Bangladeshi Thieves arrested : গৰু চুৰি কৰিবলৈ আহি গোলকগঞ্জত ধৰা পৰিল দুই বাংলাদেশী যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.