Syndicate in Barak valley: গুৱাহাটীলৈও যায় বৰাকৰ ছিণ্ডিকেটৰ ধন; বিধায়ক কমলাক্ষৰ দাবী

By

Published : Jul 24, 2023, 8:17 AM IST

thumbnail

কৰিমগঞ্জ, 24 জুলাই : বৰাক উপত্যকাত চলি থকা ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷ বিধায়কজনে কয় যে, শিলচৰৰ বৰ্তমান যি প্ৰশাসনিক ব্যৱস্থা, বিশেষকৈ আৰক্ষী প্ৰশাসনৰ মাজত অৰাজকতা চলিছে ৷ ‘‘শিলচৰ প্ৰশাসনৰ উৰ্ধতন কৰ্তৃপক্ষৰ আন কোনো কাম নাই, তেওঁলোকৰ কেৱল এটাই কাম ছিণ্ডিকেট কেনেকৈ কৰিব লাগে ৷’’ এই বুলি মন্তব্য কৰে বিধায়কজনে ৷  

বিধায়কগৰাকীয়ে কয় যে, বৰাক উপত্যকাত ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে ৷ প্ৰতি নিশাই চুপাৰী, কয়লা কঢ়িয়াই অনা গাড়ী পাৰ হয় ৷ প্ৰতিখন গাড়ীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা হয় ৷ এই টকাৰ এটা অংশ পোনপটীয়াকৈ গুৱাহাটীলৈ যায় বুলি উল্লেখ কৰে বিধায়কজনে ৷

তেওঁ লগতে কয় যে, য’ত ডিআইজিৰ ম’বাইল চুৰি হয় তাত জনসাধাৰণৰ নিৰাপত্তা ক’ত ? যিসকলৰ হাতত আমাৰ তথা জনসাধাৰাণৰ নিৰাপত্তা নিশ্চিত হয়, তেওঁলোকৰ নিজৰেই সুৰক্ষা নাই ৷ ছিণ্ডিকেটৰ টকা সংগ্ৰহ কৰি সেই টকা চৰকাৰলৈ কেনেকৈ পঠাব লাগে, গণতান্ত্ৰিক আন্দোলন হ’লে দিছপুৰৰ পৰা অতিৰিক্ত পুলিচ বাহিনী আনি কেনেকৈ সেই আন্দোলন দমন কৰিব পাৰি তাতহে তেওঁলোকৰ সুৰক্ষা আছে বুলি কয় বিধায়কজনে ৷  

লগতে বিধায়কজনে শাসন যন্ত্ৰ চলোৱা, সু-শাসন চলোৱা আপোনালোকৰ দ্বাৰা সম্ভৱ নহয় বুলি কৈ তেওঁ বৰাকৰ শাসকয় দলৰ নেতা সকলক পদত্যাগ কৰাৰ আহ্বান জনায় ৷ সু-শাসন চলোৱাৰ দক্ষতা বিজেপি নেতাসকলৰ নাই বুলি মন্তব্য কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷

লগতে পঢ়ক : Oil smuggling in Tinsukia: খাৰুৱা তেলচুৰি চক্ৰৰ মূল অভিযুক্ত ৰাকেশ সিঙক বিহাৰত গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.