ETV Bharat / state

Oil Smuggling In Tinsukia: খাৰুৱা তেলচুৰি চক্ৰৰ মূল অভিযুক্ত ৰাকেশ সিঙক বিহাৰত গ্ৰেপ্তাৰ

author img

By

Published : Jul 23, 2023, 9:05 PM IST

আৰক্ষীৰ জালত উজনিৰ খাৰুৱা তেলচুৰি চক্ৰৰ মূল অভিযুক্ত ৷ বিহাৰৰ চাপৰা জিলাৰ বনিয়াপুৰত গ্ৰেপ্তাৰ কৰে কুখ্যাত খাৰুৱা তেলচোৰটোক ।

Assam crude oil smuggler arrested in Bihar
তেলচুৰি চক্ৰৰ মূল অভিযুক্ত

তেলচুৰি চক্ৰৰ মূল অভিযুক্ত

তিনিচুকীয়া, ২৩ জুলাই: উজনিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলচুৰি চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই সাংবাদিক, বিজেপি কৰ্মীসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পাচত গুৱাহাটীৰ তেলৰ দালাল চক্ৰক বিচাৰি ব্যাপক অভিযান চলাই ৷ শেহতীয়াকৈ তিনিচুকীয়া আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ১৭ জুলাইত বিহাৰলৈ যাত্ৰা কৰি তিনি দিন বিহাৰত বাহৰ পাতি বিহাৰ আৰক্ষীৰ সহযোগত চলা অভিযানত ২১ জুলাইত নিশা কুখ্যাত তেলচোৰৰ অভিযুক্ত ৰাকেশ সিঙক নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

তিনিচুকীয়াৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে বিহাৰৰ চাপৰা জিলাৰ বনিয়াপুৰৰ নিজা বাসগৃহৰ পৰা খেদি খেদি গ্ৰেপ্তাৰ কৰে কুখ্যাত খাৰুৱা তেলচোৰ ৰাকেশ সিঙক ৷ ৰাকেশ সিঙে গুৱাহাটীৰ বেহাৰবাৰীত এটা ভাৰাঘৰ লৈ উজনিৰ অইলৰ চুৰি খাৰুৱা তেল চোৰাংভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল ৷

তিনিচুকীয়া সদৰ থানাৰ উপ পৰিদৰ্শক মহেন্দ্ৰ শইকীয়াৰ নেতৃত্বত ১৭ জুলাইত যোৱা ছয়জনীয়া আৰক্ষীৰ দলটোৱে বহিঃৰাজ্যত অভিযান চলাই তেলচুৰিত অভিযুক্ত ৰাকেশ সিঙক ২১ জুলাইত নিশা গ্ৰেপ্তাৰ কৰি ৰাজধানী এক্সপ্ৰেছত আহি দেওবাৰে পুৱাই তিনিচুকীয়াত উপস্থিত হয় ৷

উত্থাপিত অভিযোগ অনুসৰি তিনিচুকীয়া জিলাৰ মাকুম লাংকাচি উৰাং বস্তিৰ খাৰুৱা তেলচুৰি ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল ৰাকিশ সিং ৷ সম্প্ৰতি তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইচলামে সিঙক চলাইছে মাৰথন জেৰা ৷

উল্লেখ্য় যে দীৰ্ঘদিনৰপৰা তেলচুৰি চক্ৰই অব্যাহত ৰাখিছে চোৰাংকৈ সৰবৰাহ কৰা তেলৰ ৰমৰমীয়া ব্যৱসায় ৷ প্ৰতিটো মুহূৰ্তত তেল চোৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে যদিও আৰক্ষীৰ চকুত ধূলি মাৰি এই বেহা চলাই আছিল ৷

তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীয়ে তেলচোৰৰ বিৰুদ্ধে অভিযান চলাই সংবাদ কৰ্মী, বিজেপি কৰ্মীসহ চক্ৰটোৰ সৈতে জড়িত বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তেই আৰক্ষীয়ে বিহাৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চক্ৰটোৰ মূল অভিযুক্তক ।

লগতে পঢ়ক:Oil smuggling in Tinsukia: তিনিচুকীয়া আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ 2 সদস্য; অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.