Veteran Congress leader Sarat Barkataki : প্ৰিয় শিক্ষক শৰৎ বৰকটকীৰ মৃত্যুত মৰ্মাহত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:52 PM IST

thumbnail

ডিব্ৰুগড়, 30 অক্টোবৰ : প্ৰবীণ বৰ্ষীয়ান ৰাজনীতিবিদ শৰৎ বৰকটকীৰ দেহাৱসানৰ ফলত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে কংগ্ৰেছ দলে এগৰাকীৰ বটবৃক্ষ হেৰুৱালে । 1991 চনৰ পৰা প্ৰায় 25 টা বছৰ সোণাৰি সমষ্টিৰ বিধায়কৰ আসন অলংকৃত কৰা প্ৰাক্তন শিক্ষামন্ত্ৰী, প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ মৃত্যুক লৈ সোণাৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ শোক প্ৰকাশ । প্ৰিয় শিক্ষকগৰাকীক হেৰুৱাই অতিকৈ মৰ্মাহত হোৱা বুলি কয় বিধায়কগৰাকীয়ে ।

লগতে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰবীন বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰাত মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় । বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰয়াত শৰৎ বৰকটকীক অনুসৰণ কৰিয়েই ৰাজনীতিত ভৰি দিছিলো বুলি কয় ।

উল্লেখযোগ্য যে, 16 অক্টোবৰৰ পৰা GMCH ত চিকিৎসাধীন হৈ আছিল শৰৎ বৰকটকী । প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে 88 বছৰ বয়সত নিশা 1.36 বজাত শেষ নিশ্বাস ত্যাগ কৰে । চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ 25 বছৰৰ বিধায়ক আছিল প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী । অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ বৰকটকীৰ দেহাৱসানৰ পাচতেই ৰাজ্যজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.