পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহি ৰাজনৈতিক দায়িত্ব ল'বলৈ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:58 PM IST

thumbnail

ডিব্ৰুগড়, 31 ডিচেম্বৰ : বহুচৰ্চিত আলফা- চৰকাৰৰ মাজৰ শান্তি চুক্তি স্বাক্ষৰিত হ'লেও এই চুক্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলোচনাপন্থী আলফা গোটৰ নেতৃত্বই চুক্তিত স্বাক্ষৰ কৰে ।

শান্তি চুক্তিক অধিকাংশ লোকে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । আলফাৰ শান্তি চুক্তিক লৈ মৰাণত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । আলোচনাপন্থী গোটে কৰা চুক্তিক আদৰণি জনাই বিধায়কগৰাকীয়ে এই চুক্তিক গুৰুত্বহীন বুলি কোৱা সকলকো তীব্ৰ সমালোচনা কৰে । ইয়াৰোপৰি আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায় ।

বিধায়কগৰাকীয়ে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহি ৰাজনৈতিক দায়িত্ব ল'বলৈ আহ্বান জনায় । আনকি পৰেশ বৰুৱা আহিলে ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ আশ্বাস চক্ৰধৰ গগৈৰ । লগতে আজিৰ দিনত গণতান্ত্ৰিক ব্যৱস্থাৰ কথা চিন্তা কৰাৰ বাদে আন কোনো পথ নাই বুলি কৈ আলফা স্বাধীনৰ অস্ত্ৰ সংগ্ৰামক সমালোচনা কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ।

লগতে পঢ়ক: একপক্ষীয় চুক্তিৰে অসমত শান্তি প্ৰতিষ্ঠা অসম্ভৱ: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ মনৰ কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.