Gandhi Jayanti:একে ৰাতিতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান পৰিষ্কাৰ বিধায়ক চক্ৰধৰ গগৈৰ

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:29 PM IST

thumbnail

ডিব্ৰুগড়, 2 অক্টোবৰ : সমগ্ৰ দেশৰ লগতে সোমবাৰ, 2 অক্টোবৰ তাৰিখে মৰাণতো উদযাপন কৰা হয় জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী । মৰাণ নগৰৰ মাজমজিয়াত থকা গান্ধী উদ্যানত তিলৈ নগৰ গাঁও পঞ্চায়তৰ উদ্যোগত উদযাপন কৰা হয় মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ।

এই অনুষ্ঠানত উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড৹ সংগীতা গগৈ, তিলৈ গাঁও পঞ্চায়তৰ সভাপতি দিলীপ বৰুৱাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি । মৰাণ নগৰৰ মাজমজিয়াত থকা গান্ধী উদ্যানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন লগতে বাপুৰ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বিধায়ক চক্ৰধৰ গগৈয়ে শ্ৰদ্ধা নিৱেদন কৰে ।

উল্লেখ্য যে, দেওবাৰে ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো এক তাৰিখ এক ঘণ্টা এক সাথ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল যদিও মৰাণত উপেক্ষিত হৈ ৰৈছিল মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান । এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাচতেই একে ৰাতিতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান পৰিষ্কাৰ কৰি গান্ধী জয়ন্তী উদযাপন কৰিলে বিধায়ক চক্ৰধৰ গগৈ আৰু মৰাণ প্ৰশাসনে ।

লগতে পঢ়ক : Gandhi Jayanti 2023 : ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.