Constituency Delimitation : মৰাণৰ নাম সলনি হৈ হ’ল খোৱাং সমষ্টি; বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Aug 11, 2023, 8:52 PM IST

thumbnail

ডিব্ৰুগড়, 11 আগষ্ট : শুকুৰবাৰে ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ এই চূড়ান্ত তালিকাত সলনি হ’ল কেইবাটাও সমষ্টিৰ নাম ৷ সলনি মৰাণ সমষ্টিৰ নাম ৷ এই চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই খোৱাং নামেৰে পৰিচিত হ’ব মৰাণ সমষ্টিৰ নাম ৷  

শুকুৰবাৰে খোৱাঙত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে, "এই ক্ষেত্ৰত মোৰ আপত্তি নাই ৷ ৰাইজেও ভাল পাইছে ৷ মোৰ ঘৰ মৰাণত হ'লেও খোৱাং মোৰ আপোন ঠাই ৷"

উল্লেখ্য যে, মৰাণ সমষ্টিৰ নাম সলনি কৰি বৰবৰুৱা, মৰাণ আৰু খোৱাং কৰিবৰ বাবে তিনিটা স্থানত তিনিভাগে দাবী উঠিছিল ৷ এই সন্দৰ্ভত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও হাতত লৈছিল বিভিন্ন দল-সংগঠন আৰু ৰাইজে ৷  

নিৰ্বাচনী আয়োগে খোৱাং সমষ্টি নামাকৰণ কৰাত ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰিছে ৷ আনহাতে মৰাণ সমষ্টিত থকা তিনিটাকৈ গাওঁ পঞ্চায়ত টিংখাং সমষ্টিত অন্তৰ্ভুক্ত কৰিছে নিৰ্বাচন আয়োগে ৷ 

লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.