ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 11, 2023, 8:02 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপ মন্ত্ৰী অতুল বৰাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো বিচাৰিছিলো- মন্তব্য অতুল বৰাৰ ৷

Constituency delimitation
Constituency delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১১ আগষ্ট: চূড়ান্ত হ’ল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ । দেশৰ নিৰ্বাচন আয়োগে অৱশেষত শুকুৰবাৰে চূড়ান্ত কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ । বিভিন্ন দল-সংগঠনৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ মাজতে শুনানি গ্ৰহণ কৰি আজি প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।

সংবাদ মাধ্যমৰ আগত নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনাই তেওঁ কয় যে পূৰ্বেই নিৰ্বাচন আয়োগৰ ওচৰত আমি আমাৰ দলৰ কথাখিনি তথা পৰামৰ্শ সমূহ ৰাখিছিলো । খচৰা প্ৰকাশৰ পাচতো নিৰ্বাচন আয়োগৰ পূৰ্ণপৰ্যায়ৰ দলটোক আমি আমাৰ ক’বলগীয়াখিনি কৈছিলো । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিধায়ক ফনীভূষণ চৌধুৰীৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনে লোৱা সিদ্ধান্তসমূহ নিৰ্বাচন আয়োগৰ ওচৰত ৰখা হৈছিল বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগে আমাৰ বা আন ৰাজনৈতিক দলৰ পৰামৰ্শ মতে সকলো কাম নিশ্চয় নকৰিব । নাইবা সকলো কথা অবজ্ঞাও নকৰিব । তেওঁলোকৰ বিশেষ কোনো আপত্তি নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত হোৱাটো বিচাৰিছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাকলৈ বিশেষ আপত্তি নাছিল । মাথো কেইটামান সমষ্টিৰ নামক লৈ আৰু সমষ্টিৰ সীমা সাল-সলনিক লৈ আপত্তি আছিল বুলি তেওঁ কয় ।

উল্লেখ্য যে শুকুৰবাৰে প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত মুঠ 19 টা বিধানসভা সমষ্টিৰ নাম সলনি কৰা হৈছে ৷ লগতে এটা লোকসভা সমষ্টিৰ নাম সলনি কৰা হৈছে ৷

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.