MLA Chakradhar Gogoi: বিজেপি দলত ন-পুৰণি বিজেপি বুলি ষ্টাম্প মৰা নাথাকে; বিধায়ক চক্ৰধৰ গগৈ

By

Published : Jul 7, 2023, 2:13 PM IST

thumbnail

ডিব্ৰুগড়, 7 জুলাই: দিন বাগৰাৰ লগে লগে শাসক দল বিজেপিত আৰম্ভ হৈছে অন্তঃকন্দল ৷ যোৰহাট, গোলাঘাটৰ পাছত শেহতীয়াকৈ নলবাৰীত প্ৰাক্তন বিধায়ক অশোক শৰ্মাক দলীয় সভাত উপেক্ষিত কৰাক লৈ বিজেপিৰ ভিতৰ চ’ৰাত আৰম্ভ হৈছে সংঘাত ৷ এই সংঘাতক লৈ মৰাণত দুবাৰৰ বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি দলত ন- পুৰণি বিজেপি বুলি ষ্টাম্প মৰা নাথাকে ৷

বিধায়কজনে কয় যে, আজিৰ পৰা 23 বছৰৰ আগতে বিজেপিত যোগদান কৰিছিলো, কিন্তু কোনো মানুহকে কথা পাতোতে মই বিজেপিৰ পুৰণি মানুহ বুলি নকওঁ ৷ কেৱল বিধায়ক হৈ থকা বাবেই নহয়, একো পদবীত নাথাকিলেও মই বিজেপিৰ পুৰণি মানুহ বুলি নকওঁ ৷ কাৰণ বিজেপি দলত ন- পুৰণিৰ হিচাপ নহয় বুলি কয় তেওঁ৷  

লগতে তেওঁ কয় যে, দলত কেৱল কৰ্ম দক্ষতাৰ হিচাপ হয় ৷ যিয়ে দলৰ লগত সম্পৰ্ক ৰাখি কাম কৰি গৈ থাকিব তেওঁলোকৰ লগত দল সদায় থাকিব, দলে তেওঁক স্বীকৃতি প্ৰদান কৰিব ৷ ভাৰতীয় জনতা পাৰ্টী এনে এটা দল যি কৰ্মক বিশ্বাস কৰে, কথাক বিশ্বাস নকৰে ৷ লগতে ন - পুৰণি সকলো বিজেপি কৰ্মীকে ন- পুৰণি ভাৱ নলৈ দলৰ যি আদৰ্শ তাক লৈ কাম কৰি যাবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: Jal Jeevan Mission: গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ পূৰ্বোত্তৰ ভিত্তিক পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.