Bharat Jodo Yatra : ভাৰত জোড়ো যাত্ৰাক বহুৱালি আখ্যা বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : Nov 20, 2022, 1:52 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

কংগ্ৰেছ পুনৰুদ্ধাৰৰ বাবে ৰাহুৰ গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছেও ধুবুৰীৰ পৰা আৰম্ভ কৰিলে ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra in Assam) । কংগ্ৰেছৰ এই প্ৰচেষ্টাক শাসক দলৰ বিজেপি নেতা-বিধায়ক আৰু মন্ত্ৰী সকলে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাক বহুৱালি আখ্যা দিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে (MLA Chakradhar Gogoi) । বিধায়কগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কয়, কংগ্ৰেছে যিমানে চেষ্টা কৰিলেও সফল হ'ব নোৱাৰে । ইতিমধ্য কংগ্ৰেছক অসমৰ ৰাইজে মনৰ পৰাই আঁতৰাই দিছে । কংগ্ৰেছে ভাৰত জোড়োৰ দৰে নাটক কৰি ২০২৪ৰ লোকসভা নিৰ্বাচন(Lok Sabha Election 2024) পাৰ হোৱাৰ চেষ্টা কৰিলেও অসমৰ ৰাইজে কংগ্ৰেছক কেতিয়াও আদৰি নল'ব বুলি কয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.