Constituency Delimitation: নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ

By

Published : Aug 13, 2023, 6:14 PM IST

thumbnail

ডিব্ৰুগড়, 13 আগষ্ট : সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতেই ১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হোৱাটো নিশ্চিত হৈ পৰিল ৷ দল-সংগঠনৰ লগতে লাহোৱালৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাচতো বিলুপ্তিকৰণৰ কৰা হ'ল ঐতিহাসিক লাহোৱাল সমষ্টি ৷  

১৯৫৭ চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লাহোৱাল বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাই ৷ লাহোৱাল সমষ্টি হেৰুৱালেও নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি চূড়ান্ত তালিকা প্ৰকাশ কৰিছে তাক আদৰণি জনাই বিধায়কগৰাকীয়ে ৷ 

বিধায়কগৰাকীয়ে কয়, লাহোৱাল সমষ্টিটো ডিব্ৰুগড়, খোৱাং সমষ্টি আৰু চাবুৱা লাহোৱাল সমষ্টিৰ মাজত ভাগ বতৰা কৰি দিছে ৷ লাহোৱাল ৰাইজৰ আৱেগক গুৰুত্ব প্ৰদান কৰি পূৰ্বৰ চাবুৱা সমষ্টিটোক চাবুৱা লাহোৱাল হিচাপে নামাকৰণ কৰি নিৰ্বাচন আয়োগে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় বিধায়কজনে ৷

লগতে পঢ়ক : Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক নামানে সদৌ তিৱা ছাত্ৰ সন্থাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.