Jorhat Majuli Bridge: যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ধমকি বিধায়কৰ

By

Published : Jul 13, 2023, 4:32 PM IST

thumbnail

মাজুলী, ১৩ জুলাই:মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোন যোৰহাট-মাজুলী সংযোগী দলং । ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূমি পূজনেৰে শুভাৰম্ভ কৰিছিল মাজুলীবাসীৰ এই সপোনৰ দলঙখনৰ । ৯২৫ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া এই দলংখনৰ দৈৰ্ঘ্য় ৮ কিলোমিটাৰ হ'ব ।  

মাজুলীবাসীৰ এই সপোনৰ দলঙৰ কাম চলি আছে । বৃহস্পতিবাৰে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণস্থলীত উপস্থিত হয় মাজুলীৰ বিধায়ক ভুৱন গাম । এই দলংখনৰ লেহেমীয়া কামৰ গতি দেখি খঙত অগ্নিশৰ্মা হয় বিধায়ক ভুৱন গাম । দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াক ধমকি দিয়ে মাজুলীৰ বিধায়ক ভুৱন গামে । নিৰ্ধাৰিত সময়ত দলঙৰ নিৰ্মাণৰ কাম শেষ কৰিব নোৱাৰিলে কাম এৰি গুচি যাবলৈ সকীয়নি বিধায়ক গামৰ । ২০২৫ চনৰ ১০ জুলাইৰ ভিতৰত দলং নিৰ্মাণৰ কাম শেষ কৰাৰ নিৰ্দেশ বিধায়ক গামৰ । দলং নিৰ্মাণস্থলীত বিধায়কৰ লগত সংগ দিয়ে মাজুলী জিলা উপায়ুক্ত ড৹ কাবেৰী বৰকটকী শৰ্মা, মাজুলীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ।  

লগতে পঢ়ক:Assam cabinet decision: ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে আসন সংৰক্ষণৰ সিদ্ধান্ত কেবিনেটৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.