ETV Bharat / state

Assam cabinet decision: ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে আসন সংৰক্ষণৰ সিদ্ধান্ত কেবিনেটৰ

author img

By

Published : Jul 12, 2023, 10:29 PM IST

Assam cabinet decision
Assam cabinet decision

বুধবাৰৰ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেটবোৰ গুৰুত্ব সিদ্ধান্ত ৷ কেবিনেটৰ সিদ্ধান্ত মৰ্মে ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ আন হাতে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে চাকৰিৰ কাৰ্যকালত ৩ বছৰৰ পৰা ৫ বছৰলৈ সুগমৰ পৰা দুৰ্গম লৈ চাকৰি কৰিবলৈ যাব লাগিব ।

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,১২ জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্রী কেশৱ মহন্ত আৰু ডাঃ ৰণোজ পেগুৱে ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে শিক্ষা বিভাগৰ অধীনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আসনৰ সংখ্যা ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে । সেইদৰে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহত মধ্যহ্ন ভোজনত সপ্তাহত তিনিটাকৈ কণী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ আগতে এটাকৈ কণী দিয়া হৈছিল ।

  • In the weekly #AssamCabinet held today, we've taken key decisions which include:

    ✅️ Eggs in mid day meals
    ✅️ Equitable deployment of public employees in geographical areas
    ✅️Increase in OBC/MOBC reservation
    ✅️ Assam Road Network Master Plan 2023 pic.twitter.com/FjiM8yJdjD

    — Himanta Biswa Sarma (@himantabiswa) July 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেবিনেটত ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ এটা চৌহদ বকোত হ'ব আৰু তাৰ বাবে চৰকাৰে মাটি দিব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা যিকোনো চৰকাৰী কৰ্মচাৰীয়ে চাকৰিৰ কাৰ্যকালত ৩ বছৰৰ পৰা ৫ বছৰলৈ সুগমৰ পৰা দুৰ্গম লৈ চাকৰি কৰিবলৈ যাব লাগিব ।

  • Cabinet has decided to substantially increase the number of seats reserved for Six Communities - Tai Ahom, Moran, Matak, Koch Rajbangshi and Tea Tribes in the Government Polytechnics and Engineering Colleges. This is within the 27% of seats reserved for OBCs. @CMOfficeAssampic.twitter.com/peukxCG9y2

    — Ranoj Pegu (@ranojpeguassam) July 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

৩-৫ বছৰ দুৰ্গম স্থানত কাম কৰিব লাগিব কৰ্মচাৰীসকলে । সুগমৰ পৰা দুৰ্গম হ’ব এই আচঁনিৰ নাম । আনহাতে কেবিনেটত সুগম যাতায়াত ব্যৱস্থাৰ বাবে আসাম ৰোড মেপ নেটৱৰ্ক মাষ্টাৰপ্লেনৰ দ্বাৰা পথ নিৰ্মাণ তথা মেৰামতিৰ পৰিকল্পনা কৰা হৈছে । ইয়াত অন্তৰ্ভুক্ত হ'ব মুঠ ১৮,৪২১ কিলোমিটাৰ পথ ।

ইয়াৰে ৪৬৭৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৫১২০ কিলোমিটাৰ ৰাজ্যিক ঘাইপথ আৰু ৮৬৩৮ কিলোমিটাৰ হ'ব প্ৰধান জিলা পথ । তিনিটা পৰিকল্পনাৰে পথসমূহ নিৰ্মাণ কৰা হ'ব ।

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি আছুৰ; আয়োগলৈ কেতবোৰ সংশোধনৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.