Mission Indradhanush in Barpeta : 7 আগষ্টৰ পৰা বৰপেটা জিলাত তিনিটা পৰ্যায়ত মিছন ইন্দ্ৰধনুষ কাৰ্যসূচী

By

Published : Aug 4, 2023, 4:38 PM IST

thumbnail

বৰপেটা, 4 আগষ্ট : বিভিন্ন কাৰণত নিয়মীয়া টীকাকৰণৰ পৰা বাদ পৰি ৰোৱা শিশু আৰু গৰ্ভৱতী মহিলাক টীকা প্ৰদানৰ বাবে বৰপেটা জিলাত 7 আগষ্টৰ পৰা তিনিটা পৰ্যায়ত মিছন ইন্দ্ৰধনুষ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত শুকুৰবাৰে আয়োজিত এক সংবাদমেলত এই তথ্য সদৰী কৰে জিলা স্বাস্থ্য সেৱা সমিতিয়ে ৷

সংবাদমেলত জিলা টীকাকৰণ বিষয়া ডাঃ ৰাজীব বৰবৰাই সদৰী কৰা অনুসৰি বৰপেটা জিলাত 7 ৰ পৰা 12 আগষ্ট, 11 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰ আৰু 9 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ এই তিনিটা পৰ্যায়ত মিছন ইন্দ্ৰধনুষ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ এই তিনিটা পৰ্যায়ত জিলাখনৰ শূণ্যৰ পৰা দুবছৰলৈ 1,942 আৰু 2ৰ পৰা 5 বছৰৰ ভিতৰৰ 1,966 টি শিশুক সামৰি লোৱা হ’ব ৷

তদুপৰি এই কাৰ্যসূচীত সামৰি লবলগীয়া গৰ্ভৱতী মহিলাৰ সংখ্যা হ'ল 369 গৰাকী ৷ ডাঃ বৰবৰাই কয় যে মিছন ইন্দ্ৰধনুষৰ জৰিয়তে মুঠ 12 বিধ ৰোগ প্ৰতিৰোধৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ এই ৰোগ কেইবিধ হ'ল যক্ষ্মা, নিউমোনিয়া, প'লিঅ’, হেপাটাইটিছ, ডিপথেৰিয়া, হুপিংকাহ, ধনুষ্টংকাৰ, জাপানীজ এনচেফেলাইটিছ, ডায়েৰিয়া, মেলিনজাইটিছ, সৰু আই আৰু ৰুবেলা ৷ ইন্দ্ৰধনুষ অভিযান ৰূপায়ণত বৰপেটা জিলা স্বাস্থ্য সেৱা সমিতিয়ে ৰাইজৰ পৰা সহায় সহযোগিতা-আহ্বান কৰিছে ৷

লগতে পঢ়ক : Conjunctivitis in Assam: ধেমাজিত কনজাংকটিভাইটিছ ৰোগে ভয়াৱহ ৰূপ লৈছে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.