বজাৰলৈ গৈ এসপ্তাহে উভতি নাহিল একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰী

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:16 PM IST

thumbnail

জোনাই, 19 ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাইত একেটা পৰিয়ালৰে দুগৰাকীকৈ বোৱাৰী একেদিনাই নিৰুদ্দেশ হোৱা এক ঘটনাই পৰিয়ালৰ লোক তথা ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আজি প্রায় এসপ্তাহ ধৰি নিৰুদ্দিষ্ট আছে দুয়োগৰাকী বোৱাৰী ৷ বোৱাৰী দুগৰাকী নিখোঁজ হোৱাৰ পিচৰে পৰা তেওঁলোকৰ কণ কণ শিশুকেইটাই মাতৃক বিচাৰি হৃদয় বিদাৰক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

জানিব পৰামতে জোনাইৰ 2 নং ৰিগবি গাঁৱৰ লৰেছ মদিৰ পত্নী তনয়া মদি আৰু লতৰাম মদিৰ পত্নী কুঞ্জলতা মদিয়ে যোৱা 12 ডিচেম্বৰ তাৰিখে একেলগে বজাৰলৈ ওলাই গৈছিল ৷ কিন্তু বজাৰলৈ বুলি ওলাই যোৱা বোৱাৰী দুগৰাকী সন্ধিয়ালৈ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰি হাবাথুৰি খাইছে ৷ ইতিমধ্যে পৰিয়ালৰ সকলো লোকৰ ঘৰত বিচাৰ খোচাৰ কৰিছে যদিও আজি পৰ্যন্ত শুংসূত্ৰ নাই দুয়োগৰাকী বোৱাৰীৰ ৷ 

তনয়া মদিয়ে এৰি থৈ গৈছে 4 বছৰীয়া সন্তানকে ধৰি দুটা সন্তানক এৰি থৈ গৈছে । তেনেদৰে কুঞ্জলতা মদিয়েও প্রায় 3 বছৰীয়া এটি পুত্র সন্তানক এৰি থৈ গৈছে ৷ এতিয়া অবুজ শিশুটিকেইটিয়ে মাতৃক বিচাৰি কান্দি কাটি হাহাকাৰ কৰিছে ৷ ইয়াৰ পিচতে পৰিয়ালৰ লোকে দুই বোৱাৰীৰ নিৰুদ্দেশ সম্পর্কে জোনাই থানাত এক এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷ 

কোনোবা সদাশয় ব্যক্তিয়ে তনয়া মদি আৰু কুঞ্জলতা মদিক য’তেই দেখা পাই কাষৰ আৰক্ষী থানা অথবা পৰিয়ালৰ 9957125014 এই নম্বৰলৈ ফোন কৰি জনাবলৈ ৰাইজলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: ৰাজপত্ৰিত বিষয়া সুকন্যা বৰাক জেৰা চি এম ভিজিলেন্সৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.