ETV Bharat / state

ৰাজপত্ৰিত বিষয়া সুকন্যা বৰাক জেৰা চি এম ভিজিলেন্সৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 8:03 PM IST

MPLAD Scam : নিলম্বিত ৰাজপত্ৰিত বিষয়া সুকন্যা বৰাক জেৰা চি এম ভিজিলেঞ্চৰ ৷ সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত নিলম্বন হৈছিল ACS বিষয়া সুকন্যা বৰা ৷

CM Vigilance Interrogate Suspended ACS Officer
সুকন্যা বৰাক জেৰা চি এম ভিজিলেন্সৰ

গুৱাহাটী, 18 ডিচেম্বৰ : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰীত জড়িতৰ অভিযোগত নিলম্বিত হোৱা ৰাজপত্ৰিত বিষয়া সুকন্যা বৰাক জেৰা চি এম ভিজিলেঞ্চৰ ৷ সোমবাৰে পুৱাই সুকন্যা বৰাই চি এম ভিজিলেন্সৰ কাৰ্যালয়ত হাজিৰ হয় ৷ হাজিৰ হোৱাৰ পিছতে ভিজিলেন্সে জেৰা চলায় সুকন্যাক ৷

ইতিমধ্যে যোৱা বৃহস্পতিবাৰে তদাৰকী দলে মাৰথন জেৰা চলাইছিল সুকন্যাক ৷ উল্লেখ্য যে অজিত ভূঞা সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত ইতিমধ্যে নিলম্বন হোৱা ACS বিষয়া সুকন্যা বৰাৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ঘৰ আৰু জয়ানগৰৰ বিলাসী ফ্লেটত অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে ৷ মাত্ৰ 8 বছৰ চাকৰি কৰিয়েই সুকন্যা বৰাই গঢ়িছিল সম্পত্তিৰ পাহাৰ ৷ গুৱাহাটীৰ চাৰি স্থানত ওলাইছে সুকন্যা বৰাৰ মাটি-ফ্লেট ৷

আনহাতে মৰিগাঁৱতো সুকন্যাৰ নামত ওলাইছে বিঘাই বিঘাই মাটি ৷ মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে অভিযান চলাই সুকন্যা বৰাৰ প্ৰায় দহ কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰিছে ৷ 2015 চনত ৰাকেশ পালৰ আমোলত এ চি এছ বিষয়া হোৱা এইগৰাকী সুকন্যা বৰাই নিলম্বন হোৱাৰ আগলৈকে প্ৰায় ডেৰ বছৰ গুৱাহাটীৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

অলপতে অতিৰিক্ত আয়ুক্ত হিচাপে পদোন্নতি পোৱা এইগৰাকী কনিষ্ঠ এ চি এছ বিষয়াক কামৰূপ (মহানগৰ) জিলাৰ তদানীন্তন জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত হিচাপে নিয়োগ কৰিছিল ৷ জিলা উন্নয়ন আয়ুক্তৰ চকী লাভ কৰাৰ পিচতে সাংসদ পুঁজি ব্যয় কেলেংকাৰীত লিপ্ত হৈছিল সুকন্যা বৰা ৷

এই গোচৰত সুকন্যা বৰাই উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভত সক্ষম হৈছিল যদিও সেই সময়তে তেওঁৰ আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ তালিকা দেখি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে 8/2023 নম্বৰত এটা গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰ মৰ্মে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ দলে সুকন্যা বৰাৰ দক্ষিণ শৰণীয়াৰ ঘৰত আৰু জয়ানগৰৰ ফ্লেটত অভিযান চলায় ৷ ইয়াৰ পিছতে আজি জেৰাৰ সন্মুখীন হৈছে সুকন্যা ৷

লগতে পঢ়ক : APSC কেলেংকাৰী : CID ৰ কাৰ্যালয়ত উপস্থিত নিলম্বিত ASP ৰুমিৰ তিমুংপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.