Missing in Saudi Arabia: আৰৱত সন্ধানহীন ৰঙিয়াৰ হজ যাত্ৰী

By

Published : May 10, 2023, 4:51 PM IST

thumbnail

ৰঙিয়া, ১০ মে: অস্তিত্বহীন ট্ৰেভেল এজেন্সীৰ জৰিয়তে উমৰাহ হজলৈ গৈ আৰৱত সন্ধানহীন হৈছে ৰঙিয়াৰ ধুহিবালাৰ হজ যাত্ৰী এগৰাকী (Missing Rangia Haj pilgrim in Arabia)। চৌদি আৰৱত উমৰাহ হজ কৰিবলৈ গৈ সন্ধানহীন হৈছে জয়নাল আবেদিন নামৰ লোকজন । গুৱাহাটীৰ ক্ৰেজী ট্ৰিপছ নামৰ ট্ৰেভেল এজেঞ্চীৰ জৰিয়তে জয়নাল আবেদিন আৰু তেওঁৰ পত্নীয়ে উমৰাহ হজ কৰাৰ উদ্দেশ্যে চৌদি আৰৱলৈ গৈছিল ৷ কিন্তু মদিনাত ৰহস্যজনকভাৱে জয়নাল আবেদিন সন্ধানহীন হৈ পৰাত আৰৱত থকা পত্নী আৰু পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে (Haj pilgrim of Rangia missing)।  

আনহাতে, জয়নাল আবেদিনৰ পুত্ৰই ভাৰতীয় দূতাবাস, হজ কমিটী,চৌদি আৰৱ প্ৰশাসনৰ লগত যোগাযোগ কৰিছে যদিও কোনো সুফল পোৱা নাই (Missing in Saudi Arabia)। ইপিনে, মিঠা কথাৰে হজ ভ্ৰমণ কৰিবলৈ লৈ যোৱা ক্ৰেজি ট্ৰিপছ নামৰ ট্ৰেভেল এজেঞ্চীটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে (Allegation of negligence against travelling agency) । যাত্ৰীসকলৰ নিৰাপত্তা বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি পৰিয়াল তথা ওচৰ চুবুৰীয়াই এনেকুৱা পাবত গজা ট্ৰেভেল এজেঞ্চীৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণৰ দাবী জনাইছে । ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে গাঁওবাসীয়ে (External Affairs Minister S Jaishankar)।

লগতে পঢ়ক:Assam Police appointment: টিংখাঙত অসম আৰক্ষীৰ পৰীক্ষাত সফলতা দুই ভাতৃ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.