আৰক্ষী জোৱান নিৰুদ্দিষ্টৰ ঘটনাৰ চিবিআই তদন্ত দাবী পৰিয়ালৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:26 PM IST

thumbnail

চামগুৰি, ১৮ নৱেম্বৰঃ বঢ়মপুৰস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিৰুদ্দিষ্ট জোৱানৰ সন্দৰ্ভত পৰিয়ালৰ সংবাদমেল সম্বোধন । চামগুৰিৰ কোটায়নীস্থিত জোৱানজনৰ বাসগৃহত সংবাদমেল সম্বোধন কৰি নিৰুদ্দেশ কাণ্ডৰ ওপৰত সন্দেহ প্ৰকাশ পৰিয়ালৰ লোকৰ । বাহিনীটোৰ সবিন নাথ নামৰ জোৱানজন যোৱা ২৮ অক্টোবৰৰ পৰা মিজোৰামত একাংশ সতীৰ্থসহ নিৰ্বাচনী সুৰক্ষাৰ দ্বায়িত্বত নিয়োগ হৈ আছিল । যোৱা  ৫ নৱেম্বৰৰ পুৱাৰে পৰা কৰ্তব্যৰত অৱস্থাতে খাকী পোচাক পৰিহিত জোৱানজন ভাৰত-ম্যানমাৰ সীমান্তত অস্থায়ী শিবিৰৰ পৰা নিৰুদ্দেশ হৈ আছে ।

নিৰুদ্দিষ্ট জোৱানজনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত আৰক্ষীৰ ওপৰ মহলে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰলোকে । অস্থায়ী শিবিৰতে একাংশ সতীৰ্থ লগত ঘটনাৰ আগনিশা সংঘাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । এই ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে চিবিআইৰ তদন্ত বিচাৰি সংবাদমেলৰ জৰিয়তে ড৹হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:অমৃত কলহ চলা নাই, এইটো জহৰ কলহ চলিছে;পয়জন কলহ: ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.