অমৃত কলহ চলা নাই, এইটো জহৰ কলহ চলিছে;পয়জন কলহ: ৰাণা গোস্বামী
Published: Nov 18, 2023, 5:58 PM

অমৃত কলহ চলা নাই, এইটো জহৰ কলহ চলিছে;পয়জন কলহ: ৰাণা গোস্বামী
Published: Nov 18, 2023, 5:58 PM
এতিয়া অমৃত যুগ চলি থকা নাই, চলিছে জহৰ যুগ ৷ বিজেপি চৰকাৰৰ দিনত যুৱ প্ৰজন্ম হতাশগ্ৰস্ত হৈছে ৷ ক'লে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷
যোৰহাট, 18 নৱেম্বৰ : শনিবাৰে যোৰহাটত য়ুথ জোড়ো যাত্ৰাৰ বৃহৎ কাৰ্যসূচী পালন কৰা হয় ৷ সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ কেবাজনো কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে এই য়ুথ জোড়ো যাত্ৰাত ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এই যাত্ৰাত ভাগ লৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
বিজেপি চৰকাৰ দিনত যুৱ সমাজ হতাশগ্ৰস্ত হৈছে, কাৰণ কেন্দ্ৰীয় চৰকাৰে বছৰি ২ কোটি চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল । আনহাতে অসমত বিজেপি চৰকাৰ আহিলে ৫ লাখ নতুন চাকৰি দিয়াৰ আশ্বাস দিছিল কিন্তু সেয়া নহ'ল আৰু ১ লাখ চাকৰি আজি পৰ্যন্ত কোনেও নাপালে ৷ এইখন চৰকাৰৰ দিনত এটাও নতুন চাকৰি সৃষ্টি ন’হল, যিখিনি চাকৰি চৰকাৰে দিছে সেয়া চাকৰিয়ালৰ অৱসৰ সময়ত আৰু কোনো কৰ্মচাৰীৰ মৃত্যু হোৱা সময়ত খালী হৈ ৰোৱা চাকৰি, যি চাকৰি প্ৰতিখন চৰকাৰেই দিব লাগিব, ই এক গতানুগতিক পৰ্ব ৷ এইদৰে আজি যুৱ কংগ্ৰেছৰ য়ুথ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই তাপৰ্যপূৰ্ণ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।
আনহাতে অমৃত কলহ আৰু অমৃত বৃক্ষ যাত্ৰা সন্দৰ্ভত গোস্বামীয়ে পুনৰ কয় যে অমৃত কলহ আৰু অমৃত বৃক্ষৰ নামত মহিলাসকলক প্ৰতাৰণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আজিৰ সময়ত অমৃত কলহ যাত্ৰা জহৰ যাত্ৰা, পয়জন যাত্ৰালৈ পৰিগণিত হৈছে । লগতে তেওঁ কয় যে, আজিৰ সময়ত শিক্ষিত যুৱ সমাজ হতাশগ্ৰস্ত হৈছে, কাৰণ সাঁচতীয়া পইচাৰে লোৱা গাড়ী ৰাস্তালৈ উলিয়াই আনিলেই পৰিবহণ বিভাগ আৰু যান বাহন শাখাক ২০০০ পৰা ৫০০০ হাজাৰ টকা পৰ্যন্ত জৰিমনা আদায় দিবলগীয়া হয় ৷
বিজেপিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক কিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱমাননা কৰিছিল তাৰো বিৱৰণ দাঙি ধৰে তেওঁ । আনহাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ আনমে কয় যে ২০২৪ ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যই কেন্দ্ৰত গাদী দখল কৰাৰ পিচত অসম চৰকাৰে কৰি অহা কিছুমান কামৰ হিচাপ নিকাচ কৰা হ’ব ৷
