Dibrugarh Mosque Incident : ডিব্ৰুগড়ত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ চেষ্টা দুষ্কৃতিকাৰীৰ

By

Published : Feb 22, 2023, 7:19 PM IST

thumbnail

মৰাণ, ২২ ফেব্ৰুৱাৰী : যিটো সময়ত সাম্প্ৰদায়িক ৰাজনীতিয়ে দেশজুৰি এক অসহনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আছে, তেনে সময়তে ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (shocking incident in Dibrugarh) । বিভিন্ন সময়ত দুষ্কৃতিকাৰীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাই অহাৰ খবৰেও সংবাদ শিৰোনাম দখল কৰি আহিছে (miscreants attempts to create communal clashes) । তেনে এক কু-কাণ্ড এইবাৰ ডিব্ৰুগড়ত সংঘটিত কৰিলে কোনো দুষ্কৃতিকাৰীয়ে ।

দুষ্কৃতিকাৰীয়ে ডিব্ৰুগড়ৰ এটি মছজিদৰ খিৰিকীৰ আইনা ভাঙি ভিতৰলৈ নিক্ষেপ কৰে জীৱশ্ৰেষ্ঠৰ মল (miscreants attacked at Mosque in Dibrugarha) । লগতে মছজিদৰ প্ৰৱেশদ্বাৰতো পেলাই থৈ যায় মানুহৰ মল (miscreants throw excreta at mosque in Dibrugarh) । ডিব্ৰুগড়ৰ ডিব্ৰুজানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । ইফালে এই ঘটনা প্ৰত্যক্ষ কৰি মছজিদ পৰিচালনা সমিতিয়ে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ।

কিন্তু এই পৰ্যন্ত দুষ্কৃতিকাৰীক চিনাক্ত তথা আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । অৱশ্যে আৰক্ষীয়ে ইতিমধ্য মছজিদটোত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, এই ঘটনাৰ উচিত তদন্ত কৰি এই ক্ষেত্ৰত আৰক্ষীক উচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে । উল্লেখ্য যে, এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বৰ্তমানেও তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, মছজিদৰ তিনিখনকৈ খিৰিকীৰ আইনাও ভাঙি থৈ যায় দুষ্কৃতিকাৰীয়ে ।

এই ঘটনা সংঘটিত কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলিও একাংশই দাবী কৰিছে । উল্লেখ্য যে, উক্ত অঞ্চলটোত হিন্দু-মুছলমান দুয়োটা ধৰ্মৰ লোকসকলে বসবাস কৰি আহিছে । তেওঁলোকৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিবলৈকে কোনো অশুভ চক্ৰই এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । লগতে অঞ্চলটোত এনে ঘটনা সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :Police Press conference on Teok murder: যোৰহাটৰ নৃশংস ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ সংবাদ মেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.