ETV Bharat / state

Police Press conference on Teok murder: যোৰহাটৰ নৃশংস ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ সংবাদ মেল

author img

By

Published : Feb 22, 2023, 12:52 PM IST

Police Press conference on Teok murder
টীয়কৰ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ সংবাদ মেল

টীয়কৰ লোমহৰ্ষক ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ সংবাদ মেল (Police Press conference on Teok incident) ৷ হত্যাৰ বলি হোৱা যুৱকজন আৰু হত্যাকাণ্ডৰ সৈতে জড়িত যুৱক- দুয়োজন বন্ধু আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

টীয়কৰ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ সংবাদ মেল

টীয়ক, 22 ফেব্ৰুৱাৰী : টীয়কৰ চেনীজান যাদুৱপুৰ গান্ধী গাঁৱত নিশা সংঘটিত হোৱা লোমহৰ্ষক ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে আয়োজন কৰে এখন সংবাদ মেলৰ (Police Press conference on Teok incident)। সংবাদ মেলখনত যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি নৰমুণ্ড লৈ অহা যুৱকজনৰ‌ নাম আছিল লোহিত গগৈ । ইতিমধ্যে যুৱকজনক লাহদৈগড় আৰক্ষীয়ে i্ৰেপ্তাৰ কৰাৰ লগতে অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে । আনহাতে, মৃত যুৱকজনৰ নাম ফাই চাওৰা বুলি জানিবলৈ পোৱা গৈছে । মৃত যুৱকজন লোহিত গগৈইৰে বন্ধু আছিল বুলি জানিব পৰা গৈছে (Brutal murder in Teok)।

অৱশ্যে কিহৰ বাবে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হ’ল সেয়া বৰ্তমানলৈ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা নাই ৷ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়াকে ধৰি আৰক্ষীৰ এটা দল নিশাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্তৰ ৷ ঘটনাটোৰ সৈতে জড়িত লোহিত গগৈ ড্ৰাগছ আসক্ত বুলি জানিবলৈ দিয়ে লোহিতৰ মাতৃয়ে আৰু নিচাৰ জালত প্ৰায়ে ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বুলি লোহিতৰ আত্মীয়ই জানিবলৈ দিয়ে ।

তদুপৰি, নিচামুক্ত কৰিবৰ বাবে কেইমাহমানৰ পূৰ্বে পৰিয়ালৰ লোকে লোহিতক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰোৱাইছিল আৰু পৰৱৰ্তী সময়ত সুস্থ হৈ উঠিছিল লোহিত গগৈ ৷ অৱশ্যে বৰ্তমান পুনৰ ড্ৰাগছ আসক্ত হৈ পৰিছে যুৱকজন । লোহিত গগৈৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে (Jorhat Medical College Hospital) ।

ঘটনা সংক্ৰান্তত লোহিতৰ আত্মীয়ই আৰক্ষীক জনোৱা মতে, ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে দুয়ো কোনো ঠাইত জুৱা খেলি আহিছিল আৰু দুয়ো সুৰাসক্ত অৱস্থাত আছিল । তাৰ পাছত হয়তো কিবা কথাত দুয়োৰে মাজতে মনোমালিন্য ঘটাত কাজিয়াৰ সূত্ৰপাত হয় ৷ ফলত এই নৃশংস ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে আত্মীয়ই (Man brought other man head at Teok) । ইতিমধ্যে লোহিত গগৈৰ ঘৰৰ বাৰীৰ পিছফালৰ পথাৰত পৰি থকা মৃতদেহটো আৰক্ষীক লোহিতেই প্ৰত্যক্ষ কৰাইছে ।

কিন্তু কি কাৰণে ঘটনাটো সংঘটিত কৰিলে সেইয়া আৰক্ষীৰ অধিক তদন্ততৰ অন্ততহে পোহৰলৈ আহিব । ইপিনে এই ঘটনাৰ সৈতে এক বৃহৎ ড্ৰাগছৰ চক্ৰ জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় দল-সংগঠনে ৷ নিষিদ্ধ ড্ৰাগছৰ ঘাটি পুলিয়ে পশাই উঘালি পেলোৱাৰ বাবে দাবী জনাইছে আছুৰ লগতে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক : Brutal murder in Jorhat: বেগত ছিন্ন মুণ্ড কঢ়িয়াই অনা অৱস্থাত আটক কৰিলে যোৰহাট আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.