ৰঙিয়াত দিন দুপৰতে দুৰ্বৃত্তই লুটিলে ধন

By

Published : Aug 31, 2022, 6:40 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰঙিয়াত বুধবাৰে দিন দুপৰতে অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ পৰা দুৰ্বৃত্তই নগদ ধন লুটি নিয়ে (Miscreants loot retired teacher in Rangia) । ভুক্তভোগী শিক্ষকগৰাকী হৈছে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰঙিয়াৰ কছৰুৱাৰ নিৱাসী সুনীল শৰ্মা । লুটপাতৰ ঘটনাটো সংঘটিত হৈছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত (loot cash in Rangia) । ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ ভাৰতীয় ষ্টেট বেংকৰ (State Bank of India) পৰা সুনীল শৰ্মাই ৩৫ হাজাৰ টকা উলিয়াই বাইকেৰে ঘৰ অভিমুখে ৰাওনা হৈছিল । সেই সময়তে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ৰঙিয়াৰ ফালৰ পৰা বাইকত যোৱা দুই দুৰ্বৃত্তই অৱসৰপ্ৰাপ্ত শিক্ষকজনক খুন্দিয়ায় । ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ছিটিকি পৰে সুনীল শৰ্মা । লগতে গুৰুতৰভাৱে আহতও হয় লোকজন । লগে লগে দুই দুৰ্বৃত্তই গুৰুতৰভাৱে আহত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ পৰা টকাৰ বেগটো কাঢ়ি ঘটনাস্থলীৰ পৰা বাইকেৰে গুৱাহাটী অভিমুখে পলায়ন কৰে । বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষকজন ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । দিন দুপৰতে ৰঙিয়াত এনেদৰে লুটপাটৰ ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ । আৰক্ষীয়ে ইতিমধ্যে দুই দুৰ্বৃত্তৰ সন্ধানত অভিযানত নামি পৰিছে (police search operation against miscreants) ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.