সামাজিক মাধ্যমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক বিকৃতকৰণ দুষ্ট চক্ৰৰ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:44 PM IST

thumbnail

ৰঙিয়া, 22 নৱেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীকক বিকৃতকৰণ একাংশ দুষ্ট চক্ৰৰ ৷ সামাজিক মাধ্যমত ব্যাপক চৰ্চাত এই বিকৃত প্ৰতীক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি একাউণ্টটোৰ বিৰুদ্ধে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়-ববীয়াসকলে । 

সামাজিক মাধ্যমযোগে Anjan Jyoti Baruah vlogs নামৰ Facebook একাউন্টটোৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নক বিকৃত ৰূপত প্ৰচাৰ কৰিছিল ৷ Anjan Jyoti Baruah ই সামাজিক মাধ্যমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীকক বিকৃত কৰি ওপৰত জয় গুৰু বদৰ আৰু তলত শ্ৰী চংকৰ ক্লাব বুলি লিখি সামাজিক মাধ্যমত প্ৰচাৰক কৰিছিল । তাৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । 

মংগলবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য মুনিন্দ্ৰ মালকৰে Anjan Jyoti Baruah ৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ৷ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘক বিকৃত কৰা লোকক শাস্তি প্ৰদানৰ দাবী জনায় সংঘৰ বিষয়ববীয়াসকলে ৷

লগতে পঢ়ক: তিনি গগৈয়ে উজনিত বিজেপিৰ অংকত লগাইছে খেলিমেলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.