Drive Against Child Marriage : লংকাত অভ্যৰ্থনাস্থলীৰ পৰা পলাল দৰাসহ অভ্যাগত, কইনা থানাত

By

Published : Feb 3, 2023, 8:11 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

হোজাই, ৩ ফেব্ৰুৱাৰী : শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি চলি আছে বাল্য বিবাহ সংক্ৰান্তীয় গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police drive against child marriage) । ইতিমধ্যে এই সম্পৰ্কীয় গোচৰত দুই হাজাৰৰো অধিক অভিযুক্ত আটক তথা গ্ৰেপ্তাৰ কৰিছে বিভিন্ন জিলাৰ আৰক্ষী প্ৰশাসনে । এতিয়াও অব্যাহত আছে এই অভিযান । কিন্তু তাৰ মাজতে হোজাইৰ লংকাত লাগিল অথন্তৰ (Hojai police drive against child marriage) ।

লংকাৰ এখন বিবাহৰ অভ্যৰ্থনাস্থলীত আজি হঠাতে উপস্থিত হয় আৰক্ষী । লগে লগে বিয়াঘৰত লাগে হুৱাদুৱা । আৰক্ষীৰ আগমনৰ বতৰা পাই বিবাহৰ অভ্যৰ্থনালৈ অহা অভ্যাগতই যিয়ে যেনিয়ে পাৰে পলাবলৈ আৰম্ভ কৰে । কিন্তু ভোজৰ পাত এৰি কিয় পলাইছে এইসকল লোক ? পিছে উৰহীৰ ওৰ আন ক'ৰবাতহে । যোৱা ১২ জানুৱাৰীত সম্পন্ন হৈছিল এখন বিবাহ । উক্ত বিবাহৰ আজি অনুষ্ঠিত হৈছিল অভ্যৰ্থনা অনুষ্ঠান (Assam govt operation against child marriage)।

কিন্তু ৰাজ্য চৰকাৰৰ এক সিদ্ধান্ত আৰু ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ এক পদক্ষেপৰ ফলতে অথন্তৰ লাগে এই অভ্যৰ্থনা অনুষ্ঠানত । লংকাৰ কাঁকী খ্ৰীং খ্ৰীং গাঁৱত অনুষ্ঠিত হৈছিল গাঁওখনৰে সুমগংল মজুমদাৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান । কিন্তু অসম চৰকাৰৰ এক নিৰ্দেশনাৰ ফলতে হঠাতে এই অভ্যৰ্থনা অনুষ্ঠানত লাগিল কেনা । কিয়নো ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা মতে, ১৮ বছৰ কম বয়সৰ ছোৱালী বিবাহ কৰোৱাটো আইন মতে দণ্ডনীয় । পৰিব বাল্য বিবাহ আইনৰ অধীনত ।

লগতে যদি কইনাৰ বয়স ১৪ বছৰ বা তাৰ তলৰ হয় তেন্তে সেয়া POCSO আইনৰ অধীনত দণ্ডনীয় অপৰাধ হ'ব । উল্লিখিত বিয়াখনৰ কইনাজনীৰ বয়স হৈছে ১৭ বছৰ (minor bribe rescued from Lanka Hojai) । এই খবৰ লাভ কৰে হোজাই তথা লংকাৰ আৰক্ষী বিভাগে । ফলত ন-কইনাক ঘৰ সুমুৱাই অনুষ্ঠিত কৰা বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান চলি থকাৰ মাজতে হঠাতে অভ্যৰ্থনাস্থলীত উপস্থিত হয় চাইল্ড লাইনৰ লগতে আৰক্ষী । যাৰ ফলত দৰা সুমগংল মজুমদাৰ পলাই পত্ৰং দিয়ে । লগতে ভোজৰ পাত এৰি যাবলগীয়া হয় অভ্যাগতসকলো । যাৰ বাবে অতিথি আপ্যায়ণৰ বাবে ৰন্ধা মাছ-মঙহ চৰুতে সাতুৰি থাকিবলগা হয় । জিভাৰ জুতি আৰু পেটৰ ভোক পেটতে ৰয় বহুতৰে । পিছত চাইল্ড লাইনৰ সহযোগত আৰক্ষীয়ে কইনাক উদ্ধাৰ কৰি কাঁকী আৰক্ষী থানালৈ লৈ যায় ।

লগতে পঢ়ক :Operation against child marriage: বাল্যবিবাহৰ বিৰুদ্ধে যুযুধান অসম আৰক্ষী; ২০৪৪ জনক গ্ৰেপ্তাৰ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.