ETV Bharat / state

Operation against child marriage: বাল্যবিবাহৰ বিৰুদ্ধে যুযুধান অসম আৰক্ষী; ২০৪৪ জনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 3, 2023, 5:51 PM IST

অবৈধ স্বামীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ ৰাজ্যজুৰি ২০৪৪ জনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ ৷ শুকুৰবাৰৰ সন্ধিয়ালৈ পঞ্জীয়নভুক্ত গোচৰৰ সংখ্যাই আঠ-ন হাজাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Assam DGP GP Singh
বাল্যবিবাহৰ বিৰুদ্ধে যুযুধান অসম আৰক্ষী

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে নিশাৰ পৰা অসমত বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছে অসম আৰক্ষীয়ে(Operation against child marriage)) । শুকুৰবাৰৰ বিয়লি ৩ বজালৈ বাল্যবিবাহৰ সৈতে জড়িত ৪০৭৪ গোচৰ ৰুজু কৰাৰ লগতে ২০৪৪ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা বৃহৎ অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে মাজনিশাৰ পৰা অসমত এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে স্বামী, মৌলানা, কাজী, পূজাৰী আৰু বাল্যবিবাহৰ লগত জড়িত আত্মীয়ক । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শুকুৰবাৰে বিয়লি এক সংবাদমেলত সদৰী কৰে এই তথ্য ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই ছ’চিয়েল মিডিয়াত অসম আৰক্ষীয়ে প্ৰস্তুত কৰা এখন তালিকা শ্বেয়াৰ কৰিছিল(Assam CM on Child Marriage) । আনহাতে, যোৱা ২৩ জানুৱাৰীত অসম চৰকাৰৰ কেবিনেটে(Assam Cabinet Decision) ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কেবিনেটৰ সিদ্ধান্তমৰ্মেই বৃহস্পতিবাৰৰ নিশাৰ পৰা ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰে অসম আৰক্ষীয়ে(Child Marriage case in Assam) ৷

লগতে পঢ়ক: Operation against child marriage : গৰ্ভৱতী পত্নীক ঘৰত অকলে এৰি জে'ললৈ যাবলগীয়া হোৱা যুৱকৰ ক্ষোভ

বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে দিনৰ ১২ বজালৈ অসমত বেআইনী স্বামী, কাজী, পূজাৰী আৰু স্বামী-স্ত্ৰীৰ আত্মীয়কে ধৰি মুঠ ১৮০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ ভিতৰত ধুবুৰী জিলাত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ১৫২ জন লোকক । ধুবুৰী জিলাত ৩৭০টা বাল্য বিবাহৰ পঞ্জীয়নভুক্ত গোচৰ আছে ৷ পঞ্জীয়নভুক্ত ২৫৫টা গোচৰৰ ভিতৰত হোজাই জিলাত ৯২জন, গোৱালপাৰাত ১৫৭টা গোচৰৰ ভিতৰত ৬৭জন গ্ৰেপ্তাৰ কৰা হৈছে ।

ইফালে বৰপেটা জিলাতো ৮০ জনক গ্ৰেপ্তাৰ কৰা হৈছে । বঙাইগাঁও জিলাত ১২৩ টা গোচৰৰ ভিতৰত ৮৩ জন, চিৰাঙত ৫৪ টা গোচৰৰ ভিতৰত ৪০ জন, নগাঁও জিলাত ১১৩ টা গোচৰৰ ভিতৰত ১০১ জন, নলবাৰী জিলাত ১৭১ টা গোচৰৰ ভিতৰত ৪৩ জন আৰু কৰিমগঞ্জ জিলাত ৭৯ জন গ্ৰেপ্তাৰ কৰা হৈছে । দিনটোৰ শেষলৈকে গ্ৰেপ্তাৰৰ সংখ্যা যে বৃদ্ধি পাব সেয়া নিশ্চিত ৷

উল্লেখ্য যে, যোৱা ১০ দিনত মুঠ ৫০০০ৰো অধিক গোচৰ পঞ্জীয়ন হৈছে সমগ্ৰ ৰাজ্যত ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুকুৰবাৰৰ সন্ধিয়ালৈ পঞ্জীয়নভুক্ত গোচৰৰ সংখ্যাই আঠ-ন হাজাৰ অতিক্ৰম কৰিব ।

লগতে পঢ়ক: Operation against child marriage : সোণাৰিত আৰক্ষীৰ জালত ৪৯ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.