Axom Gunotsav 2023: ধেমাজিত শিক্ষকৰ ৰূপত শিক্ষামন্ত্ৰী

By

Published : Feb 4, 2023, 5:10 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

ধেমাজি,৪ ফ্ৰেব্ৰুৱাৰী: 'গুণোৎসৱত বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা । পৰৱৰ্তী পৰ্যায়ত শিক্ষকৰো হ'ব পাৰে গুণগত মানদণ্ডৰ পৰীক্ষা ৷' দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিনা ধেমাজিৰ ভৰালীচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ(Axom Gunotsav 2023) ৷ গুণোৎসৱ উপলক্ষে আজি ধেমাজিত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু(2023 Gunotsav started on 18 January) । 

শনিবাৰে ভৰালীচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত দেখা গ'ল শিক্ষামন্ত্ৰীগৰাকীক(Axom Gunotsav 2023 in Dhemaji) । শ্ৰেণীকোঠাত সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ নেওঁতাৰ পাঠ ল'লে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ লগতে বিদ্যালয়খনৰ গুণগত মানদণ্ডও পৰ্যবেক্ষণ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে(Minister Ranoj Pegu visit Bharalichuk Primary School in Dhemaji) । ইয়াৰ পাচতেই শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । মন্ত্ৰীগৰাকীয়ে কয় যে গুণোৎসৱৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মানদণ্ড মূল্যাংকন কৰা হয়(Minister Ranoj Pegu) । 

গুণোৎসৱৰ জৰিয়তে শিক্ষানুষ্ঠান এখনক কিদৰে সাহাৰ্য্য বা সকাহ দিব পাৰি তাৰ বাবে পৰিকল্পনা কৰা হয় । বয়স অনুযায়ী ছাত্ৰ-ছাত্ৰীক সকলো শিকোৱাই গুণোৎসৱৰ লক্ষ্য বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে গুণোৎসৱত ভাল ফলাফল দেখুওৱা বিদ্যালয়সমূহক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । যদি বেয়া ফলাফল দেখুৱাই তেন্তে তেনে বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে । 

আনহাতে শিক্ষকৰ শিক্ষাদানৰ মানদণ্ডৰ ওপৰতো পৰৱৰ্তী সময়ত শিক্ষকৰ গুণগত মানদণ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ইংগিত প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে বহু শিক্ষকৰ DLed বা তেনে কোনো ডিগ্ৰী নাই । গতিকে তেওঁলোকৰ গুণগত মান পৰীক্ষা কৰি যোগ্য কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ 'ব পাৰে । 

ইফালে বাল্য বিবাহ বিৰোধী অভিযান প্ৰসংগতো তেওঁ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । বাল্য বিবাহেৰে জড়িত সকলক আইন অনুসৰি ব্যৱস্থা লোৱা উচিত বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ শিশুৰ কেনেকৈ বিবাহ হ'ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে আইনে নিৰ্দিষ্ট সময় বান্ধি দিছে । গতিকে সেই মতেহে বিয়াত বহিব পাৰিব । উল্লেখ্য যে এইবাৰ ধেমাজি জিলাত ১৪৩১ খন বিদ্যালয়ত ৯৯,১৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ 

লগতে পঢ়ক: Electricity tariff hike in Assam: পুতলা মন্ত্ৰীৰ দ্বাৰা চলিছে বিভাগ: ৰিপুন বৰা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.