Ayushman Bharat Card: ধেমাজিত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী ৰণোজ পেগুৰ

By

Published : Jun 22, 2023, 8:16 PM IST

thumbnail

ধেমাজি, 22 জুন: ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুষ্মান-ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান -অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ নগদ বিহীন পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা কাৰ্ড বিতৰণ অনুষ্ঠানৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ 

জিলাখনত 3 লাখ 50 হাজাৰ লোকৰ নাম ইতিমধ্যে আয়ুষ্মান-ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান -অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ডৰ বাবে পঞ্জীয়ন কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷ জিলাখনত 94 হাজাৰখন কাৰ্ড বিতৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

বৃহস্পতিবাৰে 7 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে এই কাৰ্ড বিতৰণ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা , জিলা উপায়ুক্ত অংকুৰ ভৰালী, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ ফুকন, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈ , উন্নয়ন খণ্ডৰ সমূহৰ খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে ৷ 

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰীজনে কয় যে, দেশৰ স্বাৰ্থত স্থগিত হৈ থকা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু নিৰ্বাচনী আয়োগে ইয়াক সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে ৷ প্ৰকাশ পোৱা খচৰাত ধেমাজিত এটা সমষ্টি বাঢ়িছে আৰু এই সমষ্টিতো অসংৰক্ষিত ৷ এই বিষয়তো জিলাখনৰ বাবে ভাল লক্ষণ বুলি কয় তেওঁ ৷ 

লগতে পঢ়ক: Poor Road Condition: পথ নে পথাৰ ? বোকাময় পথে জীয়াতু ভুগাইছে নাওপাৰা গাঁওবাসীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.