বাইক চলাই এইবাৰ ৰঙিয়াত উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 8:27 PM IST

thumbnail

ৰঙিয়া, 27 নৱেম্বৰ : বৰ্ধিত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ ৰাজ্যুজৰি আৰম্ভ কৰা হৈছে পথ সুৰক্ষা সজাগতা অভিযান | ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা অনাৰ প্ৰয়াসেৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাত বাইক চলাই উপস্থিত হৈছে ৷ অসমৰ প্ৰতিটো সমষ্টিক সামৰি প্ৰায় 3,500 কিলোমিটাৰ পথ বাইক ৰেলী কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই বাইক ৰেলীৰ আয়োজন কৰা হৈছে ৷

এইবাৰ ৰঙিয়াত বাইক চলাই উপস্থিত হ’ল পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে সজাগতামূলক বাইক ৰেলীৰে  সোমবাৰে ৰঙিয়াত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷  

ইয়াৰ পাছতেই ৰঙিয়াৰ ভূটান বাছ আস্থানত এখন সজাগতামূলক সভা অনুস্থিত হয় ৷ সজাগতামূলক সভাৰ অন্ততঃ ৰঙিয়াৰ পৰা এই বাইক ৰেলী বাক্সা জিলাত প্ৰৱেশ কৰে ৷ সভাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ‌ লগতে এনফৰ্চমেন্ট সহকাৰী আয়ুক্ত দিব্যাজ্যোতি কাৰ্জি, পৌৰপতি অমৰেন্দ্ৰ লহকৰ, পৰিবহন বিষয়াসহ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে ৷ 

লগতে পঢ়ক : ভৰলু-উত্তৰ গুৱাহাটী সংযোগী দলং সম্পূৰ্ণ হ’লেই ঠিকনা সলনি হ’ব ফাঁচী বজাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.