Irregular power supply in Assam: ৰাজপথত জ্বলিল শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 2:25 PM IST

thumbnail

যোৰহাট, 3 অক্টোবৰ: ৰাজ্যত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ লগতে ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে বিদ্যুৎ মাচুল ।ইয়াৰ প্ৰতিবাদ জনায় মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে চহৰখনৰ মাজমজিয়াস্থিত গড় আলিত চৰকাৰ বিৰোধী শ্ল’গান দি ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰে ।

প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ জিলা সমিতি সাধাৰণ সম্পাদক বাবু দত্তই কয় যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে অসমবাসীৰ হিতৰ বিপৰীতে গৈ কাম কৰা পৰিলক্ষিত হৈছে আৰু ৰাইজক বিদ্যুৎ মাচুলকে আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘীভাৱে মূল্যবৃদ্ধি ঘটাই ৰাইজক কেঁকোৰা চেপা দিয়া পৰিলক্ষিত হৈছে ৷ ৰাজ্য চৰকাৰক এই পদক্ষেপ শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে ৷ 

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে 300 ইউনিটৰ ওপৰত 1.29 টকাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে । অন্যহাতে এই প্ৰতিবাদস্থলীৰ পৰাই অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ পৰা শিক্ষাৰ্থীসকলক বিৰত ৰাখিবলৈ আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক : Irregular power supply in Assam : বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাসৰ দাবীৰে শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.