AAMSU Protest in Buhpuria : বিহপুৰীয়াত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

By

Published : Aug 19, 2023, 4:50 PM IST

thumbnail

বিহপুৰীয়া, 19 আগষ্ট : ৰাজ্যজুৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৱে অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতেই শনিবাৰে লখিমপুৰ জিলা আমছুৱেও বিহপুৰীয়া নগৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আমছুৰ বিষয়ববীয়াসকলে বিহপুৰীয়া নগৰৰ মাজমজিয়াত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷  

প্ৰতিবাদকাৰীসকলে বিভাগীয় মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে ৷ 24 ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে কি কাৰণত বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰিব পৰা নাই তাকলৈও চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰা আমছুৰ সদস্যসকলে শীঘ্ৰেই বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবী জনায় ৷

লগতে পঢ়ক : AIUDF criticized Congress and BJP; কংগ্ৰেছ বিজেপিৰ B Team: বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.